লাচিত নগৰত নির্বাচনী সভাত ভবেশ কলিতাৰ অংশগ্ৰহণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 9 April 2022

লাচিত নগৰত নির্বাচনী সভাত ভবেশ কলিতাৰ অংশগ্ৰহণ

 


পৌৰ নিগমৰ কাৰ্যালয় মুকলি



W7s news ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ২৯ নং ৱাৰ্ডৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী মৃগেন শৰণীয়াৰ হৈ শনিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই নির্বাচনী প্ৰচাৰ চলায়। তেওঁ লগতে লাচিত নগৰত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। তেওঁ কয়-

২২ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আমাৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী মৃগেন শৰণীয়াক ৰাইজে বিপুল ভোট দি জয়যুক্ত কৰিব বুলি আশা কৰিলোঁ। ইতিমধ্যে তিনিটা ৱাৰ্ডত আমাৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বিন্দিতাৰে বিজয়ী হৈছে। এতিয়া ৫৭ টা ৱাৰ্ডত আমাৰ দলে ভাল ফলাফল কৰিব বুলি আমি আশাবাদী। আমি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছোঁ। গুৱাহাটী মহানগৰীৰ  আন্ত:গাঁথনিকে ধৰি সৰ্বোত প্ৰকাৰৰ উন্নয়ন হৈছে।সেয়েহে আমি আশাবাদী এইবাৰ আমি পৌৰ নিগমৰ নিৰ্বাচনত বিপুল ভোটাত জয়যুক্ত হ'ম।'নিৰ্বাচনী সভাত পূব-গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিধায়ক তথা ২৯ নং ৱাৰ্ডৰ প্ৰভাৰী ৰূপক শৰ্মাৰ লগতে কেইবাজনো বিশিষ্ট উপস্থিত থাকে। প্ৰাৰ্থী মৃগেন শৰণীয়াই ২৯ নং ৱাৰ্ডৰ খোৱাপানী, বাটপথ, নলা-নৰ্দমা আদি গুৰুত্বপূৰ্ণ সমস্যা সমূহ সমাধানৰ বাবে ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। সভাৰ আৰম্ভণিতে উপস্থিত বিশিষ্ট ব্যক্তি সকলে বন্তি প্ৰজ্জ্বলন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here