২৯নং ৱাৰ্ডৰ ভোটাৰক আকৰ্ষণ কৰাৰ লক্ষ্যঃ বিশাল সমদলেৰে নিৰ্বাচনী প্ৰচাৰ মৃগেন শৰণীয়াৰ: - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 19 April 2022

demo-image

২৯নং ৱাৰ্ডৰ ভোটাৰক আকৰ্ষণ কৰাৰ লক্ষ্যঃ বিশাল সমদলেৰে নিৰ্বাচনী প্ৰচাৰ মৃগেন শৰণীয়াৰ:

Responsive Ads Here

 


W7s news গুৱাহাটী

IMG-20220419-WA0015

IMG-20220419-WA0013

: গুৱাহাটী পৌৰ নিগমৰ ৬০টা ৱাৰ্ডৰ বাবে  ২২এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব৷ প্ৰতিটো ৱাৰ্ডতে প্ৰাৰ্থী সকলে ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ ৬০ টা ৱাৰ্ডৰ ভিতৰত বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰা ৫ ,৬ আৰু ২২ নং ৱাৰ্ডৰ বাহিৰে অন্য ৱাৰ্ড বোৰত বৰ্তমান শাসক বিৰোধী সকলো দলৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷ প্ৰতিটো ৱাৰ্ডৰ সমান্তৰালকৈ ২৯নং ৱাৰ্ডতো বিজেপিৰ প্ৰাৰ্থীজনে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ মঙলবাৰে ৱাৰ্ডটোৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী মৃগেন শৰনীয়াই বিশাল সমদলেৰে নিৰ্বাচনী প্ৰচাৰ চলায়৷ তেওঁ বিৰুৱাৰী কালি মন্দিৰৰ পৰা প্ৰচাৰ অভিযান আৰম্ভ কৰি বৃহত্তৰ বিৰুৱাৰী, জোনাকপুৰ আদি অঞ্চলৰ বাসিন্দাৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায়। লগতে এই বৃহত্তৰ অঞ্চলটোৰ খোৱা পানী, ৰাস্তা ঘাট আদি সমস্যা সমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই প্ৰচাৰ অভিযানৰ ৰূপনগৰ তিনি আলিস্থিত কাৰ্যালয়ত সামৰণি পৰে ।এই  সমদলত প্ৰাক্তন বিধায়ক তথা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, নগাৱঁৰ বিধায়ত তথা ২৯নং ৱাৰ্ডৰ তত্বাৱধায়ক ৰূপক শৰ্মা, বিজেপিৰ অসমৰ সহ প্ৰভাৰী তপন শৰ্মা, বিজেপি যুৱ মৰ্চা সভাপতি সিদ্ধাঙ্কু অংকুৰ দত্ত আদিকে ধৰি প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকে। আনহাতে বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই এই বৃহত্তৰ অঞ্চলবাসী ৰাইজক মৃগেন শৰণীয়াক ভোট দিয়াৰ বাবে আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *