গুৱাহাটী প্ৰেছ ক্লাৱত কস্তুৰী প্ৰকাশন আৰু দত্ত প্রকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 24 April 2022

গুৱাহাটী প্ৰেছ ক্লাৱত কস্তুৰী প্ৰকাশন আৰু দত্ত প্রকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা

 





W7s news ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে কস্তুৰী প্ৰকাশন আৰু দত্ত প্রকাশনৰ উদ্যোগত এখন গ্ৰন্থ উন্মোচনী সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে অসম মৌচম কবি সন্মিলনৰ সম্পাদক মৌৰাম দাসে বন্তি প্ৰজ্জ্বলন কৰে। তাৰপাছত প্ৰবীণ মুক্তিযোদ্ধা, কবি, উপন্যাসিক প্ৰয়াত শৰৎ চন্দ্ৰ দত্ত আৰু বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। বিশিষ্ট গল্পকাৰ, প্ৰবন্ধকাৰ অশ্বিনী বৰুৱা আৰু গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সম্পাদক কিশোৰ কুমাৰ দাসে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁলোকৰ বিষয়ে চমুকৈ কয়।

এই সভাত কবি, উপন্যাসিক প্ৰয়াত শৰৎ চন্দ্ৰ দত্তৰ 'আজব দেশৰ তাজ্জব কথা' শীর্ষক গ্ৰন্থ উন্মোচন কৰি  গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক যোগেন চন্দ্ৰ কলিতাই কয়-এই গ্ৰন্থখনত প্ৰয়াত শৰৎ চন্দ্ৰ দত্তৰ  আধৰুৱা কাম, বঞ্চনাৰ ইতিহাস সোমাই আছে।প্ৰকৃত স্বাধীনতাৰ হাহাকাৰ ইয়াত সোমাই আছে। শান্তিৰ বাবে তেওঁ যথেষ্ট খিনি কৰিছিল। তেওঁ দেখিও নেদেখা বহু কথা বিভিন্ন চৰিত্ৰৰ জৰিয়তে প্ৰকৃত জীৱনৰ চিত্র দাঙি ধৰিছে। তেওঁ সমাজ জীৱনৰ এটা ধনাত্মক ৰূপ দেখুৱাইছে। জ আজিৰ সমাজত চেতনাৰ অভাৱ দেখা যায়।সকলোকে মৰমেৰে জীয়াই থাকিবলৈ দিয়ক।আজি ভৰলু নদীৰ কি অৱস্থা হৈছে ভৱিষ্যতে থাকে নে নাথাকে ক'ব নোৱাৰো।নদীৰ পাৰতে সভ্যতা গঢ়ি উঠে আৰু নদীৰ পাৰতে সভ্যতা নষ্ট হয় । গ্ৰন্থখনৰ পাতে পাতে আছে বঞ্চনাৰ ইতিহাস।।মানসিক প্ৰস্তুতি নাথাকিলে গ্ৰন্থখনত পঢ়িব নোৱাৰি। তেওঁ  গ্ৰন্থখনত যিখিনি আনিছে সেইখিনি আজিৰ প্ৰজন্মই বুজিব নোৱাৰে।সমাজ জীৱনৰ ধনাত্মক দিশ সন্নিবিষ্ট কৰিছে। গ্ৰন্থখন আৰম্ভ কৰিলে শেষলৈকে যাব লাগিব।ইয়াত কি নাই।চিলা উৰুৱাৰ আনন্দ আছে ইয়াত।'আনহাতে যোৰহাটৰ দত্ত প্ৰকাশনৰ প্ৰকাশক দিব্যজ্যোতি দত্তৰ কাব্যগ্ৰন্থ 'ত্ৰিল'জি'-'মহাসুৰ্যৰ গতি', 'মহাসূৰ্যৰ প্ৰাণ' আৰু ' মহাসুৰ্যৰ প্ৰভাতী কিৰণ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ খগেন্দ্ৰ দাস আৰু বিশিষ্ট অভিনেতা, পৰিচালক ব্রজেন বৰাই। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ সংবাদ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অশ্বিনী বৰুৱাক সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত কবিতা আবৃত্তি কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here