স্বাগত হাস্পতালত কেথলেব উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 24 April 2022

স্বাগত হাস্পতালত কেথলেব উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

 



ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজী আৰু অত্যাধুনিক কার্ডিয়াক কেথলের বিভাগ উদ্বোধন স্বাগত হাস্পতালৰ



W7s news ষ্টাফৰিপোৰ্টাৰ : অসমত সৰ্বপ্ৰথমবাৰৰ বাবে স্বাগত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল এণ্ড ছার্জিকেল ইনষ্টিটিউটে ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজী আৰু অত্যাধুনিক কেথলেব বিভাগ আনুষ্ঠানিকভাৱে দেওবাৰে উদ্বোধন কৰে। চিকিৎসালয়খনৰ অষ্টম মহলাত স্থাপন কৰা এই বিভাগটো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে।এই অনুষ্ঠানত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয়- অসমৰ লগতে দেশ-বিদেশৰ জনতাক স্বাস্থ্যসেৱা প্ৰদানৰ দিশত স্বাগতৰ কাৰ্যালী অগ্রণী আৰু এই প্রক্রিয়াৰ প্ৰতি নাগৰিকৰ আস্থা আছে। হৃদৰোগী আৰু হৃদযন্ত্ৰৰ চিকিৎসাৰ প্ৰয়োজন হোৱাসকলক এইধৰণৰ অত্যাধুনিক প্রযুক্তি প্ৰদানৰ উদ্যোগ গ্ৰহণৰ বাবে তেওঁ গৌৰৱ প্ৰকাশ কৰে। মহন্তই লগতে অত্যাধুনিক কেথলেব মুকলি কৰি  ব্যক্তিগতভাৱেও উৎফুল্লিত আৰু বিভাগটোৱে চিকিৎসকসকলক সঠিক চিকিৎসা প্ৰদানৰ দিশত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।' স্বাগত হাস্পতালৰ ভাছকুলাৰ ইণ্টাৰভেনশ্যনেল বিভাগ হৈছে ফিলিপ্‌ছৰ অত্যাধুনিক প্রযুক্তিৰ চিলিং আৰ্হিৰ কেথলেব ‘এজুৰিয়ন'ৰ সৰ্বপ্ৰথম সংস্থাপন। প্রতিষ্ঠানটোৰ হৃদৰোগ বিশেষজ্ঞই প্ৰকাশ কৰা অনুসৰি পৰম্পৰাগত কেথলেবৰ তুলনাত এই প্ৰযুক্তিৰ একাধিক উপযোগিতা আছে।উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে দেশৰ প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ ক্রমে গুৰুগ্ৰামৰ ফ'ৰ্টিছ হাৰ্ট আৰু ভাছকুলাৰ ইনষ্টিটিউটৰ জনাজাত বিশেষজ্ঞ পদ্মভূষণ ডাঃ টি এছ ক্লেৰ আৰু মুম্বাইৰ হিন্দুজা হাস্পতালৰ প্ৰথিতযশা কার্ডিয়াক ছার্জন ডাঃ কৌশল পাণ্ডে।নতুন অত্যাধুনিক যন্ত্ৰৰ সুবিধা সংস্থাপন কৰা হৃদৰোগ বিশেষজ্ঞ ডাঃ চন্দ্ৰ দাসে বর্ণনা কৰে যে এই সজুলিয়ে কেৱল হৃদৰোগীকে সহায় নকৰে, লগতে ৰেডিঅ’লজী, নিউৰ'লজী আৰু আন ভাছকুলাৰ চিকিৎসাতো সহায় কৰিব। প্রতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক তথা মুখ্য চিকিৎসা সঞ্চালক ডাঃ সুভাষ খান্নাই আদৰণি ভাষণত যন্ত্ৰবিধৰ সুবিধাৰ বিষয়ে আলোকপাত কৰে। লগতে কেৱল হৃদযন্ত্র বিসংগতিত ভোগাসকলৰ সমান্তৰালভাৱে ষ্ট্ৰোক আৰু অভ্যন্তৰীণ ৰক্তক্ষৰণৰ সমস্যত আক্ৰান্তসকলৰো চিকিৎসাত যন্ত্রবিধ সহায়ক হ’ব বুলি বর্ণনা কৰে। উদ্বোধনী অনুষ্ঠানত প্রতিষ্ঠানটোৰ আন সঞ্চালক ক্রমে অধ্যাপক স্বাগত বান্না, ডাঃ আয়ুস্মান খান্না, চি অ অ' জাহিদুৰ ৰহমান আৰু ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্ট ডাঃ গৌৰৱ চন্দ্র দাস, ইণ্টাৰভেনশ্যনেল নিউৰ’লজিষ্ট ডাঃ গৰ্কী মেধি আৰু ডাঃ ফিদৌছ আহমেদৰ লগতে চিকিৎসালয়ৰ আন বিশেষজ্ঞ ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here