গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ফলাফল ঘোষণা ৫৮ টা ৱাৰ্ডত বিজেপি-অগপৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী বিজয়ী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 24 April 2022

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ফলাফল ঘোষণা ৫৮ টা ৱাৰ্ডত বিজেপি-অগপৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী বিজয়ী

 

এখনকৈ আসনত অজাপ আৰু আপৰ জয়

                       

W7s news গুৱাহাটী: কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত দেওবাৰে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা সম্পন্ন কৰা হয়। কামৰূপ মহানগৰ জিলাৰ জিলা নিৰ্বাচন বিষয়া পল্লৱ গোপাল ঝাৰ তত্বাৱধানত আৰু সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ উপস্থিতিত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত এই ভোট গণনাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু প্ৰতিনিধিসকল উপস্থিত থাকে। পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই ভোট গণনাৰ আৰম্ভণিতে পোষ্টেল বেলট পেপাৰৰ জৰিয়তে প্ৰদান কৰা ভোটসমূহৰ গণনা কৰা হয়।  ইয়াৰ পাছত আৰম্ভ কৰা হয় ই ভি এমত আবদ্ধ মূল ভোট গণনা পৰ্ব। গণনাৰ শেষত কামৰূপ মহানগৰ জিলাৰ জিলা ৰিটাৰ্ণিং বিষয়াই নিৰ্বাচনৰ ফলাফলসমূহ ঘোষণা কৰে। ঘোষিত ফলাফল অনুসৰি মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি (বি জে পি) আৰু অসম গণ পৰিষদ (অ গ প)ৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থীয়ে ৫৮ টা ৱাৰ্ডত বিজয় সাব্যস্ত কৰে। ইয়াৰ ভিতৰত ৬টা ৱাৰ্ড- ১০, ১২, ১৩, ২৪, ৩২ আৰু ৫৯ ৱাৰ্ডত অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে ৫২ টা ৱাৰ্ড- ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১১, ১৪, ১৫, ১৬, ১৭, ১৮, ১৯, ২০, ২১, ২২, ২৩, ২৫, ২৬, ২৭, ২৮, ২৯, ৩০, ৩১, ৩৩, ৩৪, ৩৫, ৩৬, ৩৭, ৩৮, ৩৯, ৪০, ৪১, ৪৩, ৪৪, ৪৫, ৪৬, ৪৭, ৪৮, ৪৯, ৫০, ৫১, ৫২, ৫৩, ৫৪, ৫৫, ৫৬, ৫৭, ৫৮ আৰু ৬০ নং ৱাৰ্ডত  ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম  হয়। আনহাতে ১ নম্বৰ ৱাৰ্ডত অসম জাতীয় পৰিষদ (অজাপ)ৰ প্ৰাৰ্থী আৰু ৪২ নম্বৰ ৱাৰ্ডত আম আদমী পাৰ্টী (আপ)ৰ প্ৰাৰ্থী বিজয়ী হয়। উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত ৫, ৬ আৰু ২২ নম্বৰ ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী তিনিগৰাকীয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে। ফলাফল ঘোষণাৰ অন্তত জিলা নিৰ্বাচন বিষয়াই বিজয়ী প্ৰাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে। নিৰ্বাচনত মুঠ ১৯৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া পল্লৱ গোপাল ঝাই নিকা আৰু স্বচ্ছতাৰে শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মীৰ লগতে সমূহ ভোটাৰ ৰাইজ, বিভিন্ন ৰাজনৈতিক দল আৰু  প্ৰাৰ্থীসকললৈ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here