বি এছ এন এল এম্প্লয়িজ ইউনিয়নৰ দশম ৰাষ্ট্ৰীয় সন্মিলন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 April 2022

বি এছ এন এল এম্প্লয়িজ ইউনিয়নৰ দশম ৰাষ্ট্ৰীয় সন্মিলন

 




W7s.news ষ্টাফৰিপোৰ্টাৰ: 

বি এছ এন এল এম্প্লয়িজ ইউনিয়নৰ দশম ৰাষ্ট্ৰীয় সন্মিলন তিনিদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ চেন্তাৰত আৰম্ভ হয় । ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৭০০ প্ৰতিনিধিয়ে এই সন্মিলনত অংশ গ্ৰহণ কৰিছে । সন্মিলনৰ বিশেষ আকৰ্ষণ হ'ল বিশ্ব ট্ৰেড ইউনিয়ন সংস্থা প্ৰতিনিধি  হিচাবে এৰডেম ইলহামিৰ অংশগ্ৰহণ ।  কেন্দ্ৰীয় চৰকাৰৰ বৰ্তমান ৰাজহুৱা খণ্ড বিৰোধী স্থিতি আৰু নিৰ্বিচাৰ ব্যক্তিগতকৰণৰ নীতি কাৰ্যকৰী কৰি থকাৰ পৰিপ্ৰেক্ষিতত এই সন্মিলনে এক বিশেষ গুৰুত্ব বহন কৰিছে ।পুৱা ৯ বজাৰ লগে লগে পতাকা উত্তোলন আৰু ছহিদ বেদীত মাল্যদানৰ মাজেদি সন্মিলনৰ কাৰ্যসূচী আৰম্ভ হয় । আদৰণি সমিতিৰ সভাপতি, বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ ড: দীনেশ বৈশ্য ৰাষ্ট্ৰীয় পতাকা আৰু বি এছ এন এল ই ইউ ৰ সৰ্ব ভাৰতীয় সাধাৰণ সম্পাদক পি অভিমন্যু্য়ে ইউনিয়নৰ পতাকা উত্তোলন কৰে । পুৱা

৯-৩০ বজাত উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে  ইউনিয়নৰ সৰ্ব ভাৰতীয় সভাপতি অনিমেষ মিত্ৰই ।আৰম্ভণিতে আদৰণি সমিতিৰ সভাপতি ড: দীনেশ বৈশ্যই আদৰণি ভাষণ দিয়াৰ পিছত সন্মিলন উদ্বোধন কৰে চি আই টি ইউৰ সৰ্ব ভাৰতীয় সভাপতি ডা: কে. হেমলতাই । বি এছ এন এলৰ সৰ্ব ভাৰতীয় পৰ্যায়ৰ সকলো ইউনিয়ন আৰু অফিচাৰ এছ'চিয়েনৰ সাধৰণ সম্পাদক সকলে তেওঁলোকৰ বক্তব্য প্ৰদান কৰে । বক্তাসকলে বিশেষকৈ জাতীয় মূদ্ৰাকৰণ পাইপ লাইনৰ মাজেদি ভাৰত চৰকাৰে বি এছ এন এলৰ ১৪৯১৭ টা টাৱাৰ আৰু  ২.৮৬ লাখ কি.মি. দৈৰ্ঘৰ অপ্টিকেল ফাইবাৰ বিক্ৰী কৰাকে ধৰি সামগ্ৰিক ভাবে বি এছ এন এলক ব্যক্তিগতকৰণ কৰাৰ চক্ৰান্ত ব্যৰ্থ কৰিবলৈ মাৰ বান্ধি সংগ্ৰাম কৰিবলৈ আহ্বান জনায় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here