পাৰিজাত একাডেমী লৈ মিউজিকেলী ইউনাইটেডৰ সহায়ৰ হাত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 20 April 2022

পাৰিজাত একাডেমী লৈ মিউজিকেলী ইউনাইটেডৰ সহায়ৰ হাত

 


২৩ এপ্ৰিলত  সংগীতৰ সন্ধিয়াৰ আয়োজন




W7s news ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীৰ পামহীস্থিত পাৰিজাত একাডেমী লৈ মিউজিকেলী ইউনাইটেডে সহায়ৰ হাত আগবঢ়াবলৈ ২৩ এপ্ৰিলত এক সংগীতৰ সন্ধিয়াৰ আয়োজন কৰিছে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মিউজিকেলী ইউনাইটেড ট্ৰাষ্টৰ উদ্যোগত 

 অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ট্ৰাষ্টৰ অধ্যক্ষ অনুপ ধৰে। তেওঁ কয়-আমি পাৰিজাত একাডেমীলৈ পুঁজি আগবঢ়াবলৈ আগবাঢ়িছো। ক'ভিড-১৯ ৰ সময়ছোৱাত তেওঁলোকে পুঁজিৰ অভাৱত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল। এই সংগীতৰ সন্ধিয়া ২৩ এপ্ৰিলৰ সন্ধিয়া ৬ বজাত মছখোৱাৰ সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত হ'ব। এই সংগীতৰ সন্ধিয়াৰ জৰিয়তে লাভ কৰা পুঁজিৰ জৰিয়তে আমি পাৰিজাত একাডেমীক সহায়ৰ হাত আগবঢ়াম। এই অনুষ্ঠানৰ বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰিব মন্ত্ৰী কেশৱ মহন্তই। অনুষ্ঠানত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া দেৱৰাজ উপাধ্যায়, সত্ৰীয়া নৃত্য গুৰু, পদ্মশ্ৰী ঘনকান্ত বৰা আদি উপস্থিত থাকিব। অনুষ্ঠানত পাৰিজাত একাডেমীৰ স্বত্বাধিকাৰী উত্তম টেৰণ আৰু আইমণি তুমুঙক সম্বৰ্ধনা জনোৱা হ'ব।তাৰপাছত সত্ৰীয়া নৃত্য আৰু বৰগীত পৰিবেশন কৰা হ'ব। এই অনুষ্ঠানত কলকাতাৰ জনপ্ৰিয় শিল্পী শ্ৰীকান্ত আচাৰ্যই আধুনিক গীতৰ শৰাই আগবঢ়াব। এই অনুষ্ঠানত ন শতাধিক লোকৰ  সমাগম হ'ব বুলি আমি আশা কৰিছোঁ। আমি মুলত দুখীয়া ল'ৰা-ছোৱালী আৰু বিশেষভাৱে সক্ষম ল'ৰা-ছোৱালীৰ বাবে শিক্ষা,মহিলা সৱলীকৰণ আৰু অন্যান্য সামাজিক কামৰ বাবে সেৱা আগবঢ়াই আছোঁ। আমি এটা চৰকাৰী পঞ্জীভূত ট্ৰাষ্ট। পাৰিজাত একাডেমীয়ে ২০০৩ চনৰ পৰা দুখীয়া ল'ৰা-ছোৱালীৰ শিক্ষা, খাদ্য আৰু আশ্ৰয়ৰ বাবে সেৱা আগবঢ়াই আছে। মাত্ৰ ৪ জন শিক্ষাৰ্থীৰে আৰম্ভ কৰা পাৰিজাত একাডেমীয়ে এতিয়ালৈকে পাঁচ শতাধিক দুখীয়া ল'ৰা-ছোৱালীক শিক্ষা, খাদ্য আৰু আশ্ৰয় দিবলৈ সক্ষম হৈছ। সম্প্ৰতি ৭২ জন শিক্ষাৰ্থীক শিক্ষা, খাদ্য আৰু আশ্ৰয় দি আছে পাৰিজাত একাডেমীয়ে। সংবাদ মেলত মিউজিকেলি ইউনাইটেডৰ সভাপতি পাৰ্থ সাৰথি বেনাৰ্জী,সাধাৰণ সম্পাদক সুৰজিত অধিকাৰী,সাংস্কৃতিক সম্পাদক শতাব্দী ধৰ, বিত্তীয় সম্পাদক দেৱী প্ৰিয়া বেনাৰ্জী উপস্থিত থাকি এই সংগীতৰ সন্ধিয়া সফল কৰি তুলিবলৈ সকলোৰে সহায় সহযোগিতা কামনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here