ওদালগুৰি জিলাৰ ডিমাকুছিত স্বাস্থ্য মেলা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 21 April 2022

ওদালগুৰি জিলাৰ ডিমাকুছিত স্বাস্থ্য মেলা

 




W7s news ষ্টাফৰিপোৰ্টাৰ : 'আজাদী কা অমৃত মহোৎসৱ'ৰ সংগতি ৰাখি বৃহস্পতিবাৰে  ডিমাকুছি শেখৰ শংকৰ মিছন হাই স্কুল প্ৰাংগনত অনুষ্ঠিত হয় স্বাস্থ্য মেলা। স্বাস্থ্য মেলাখন উদ্বোধন কৰে যুৱ, ক্ৰিয়া আৰু সংস্কৃতি বিভাগৰ  ইএম দাওবৈছা বড়োৱে। মেলাখনত চকু, কাণ নাকৰ ৰোগ বিশেষজ্ঞ, স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ, শিশু ৰোগ বিশেষজ্ঞ, মেডিচিনৰ বিশেষজ্ঞ, মানসিক ৰোগ বিশেষজ্ঞ আদিৰ লগতে আয়ুৰ্বেদিক, হোমিওপেথিক সহিতে মুঠ ১২ গৰাকী ডাক্তৰে ৰোগী পৰীক্ষা কৰে। মেলাখনত প্ৰায় ছয় শতাধিক ৰোগীক পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ওষধ বিতৰণ কৰা হয় তথা ভ্ৰাম্যমাণ চিকিৎসা কোষৰ জৰিয়তে বিনামূলীয়াকৈ পৰীক্ষা কৰা হয়। মেলাখনৰ জৰিয়তে ৰাইজক বিভিন্ন ৰোগ সন্দৰ্ভত সজাগ কৰাৰ চেষ্টা কৰাৰ লগতে অটল অমৃত কাৰ্ড প্ৰদান, আয়ুষ্মন কাৰ্ড নৱীকৰণ আদি কৰা হয়। ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত  আৰু খৈৰবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত অনুষ্ঠিত এই মেলাত জিলা স্বাস্থ্য সমিতিৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডা. অৰুনিমা বৰুৱা, জিলা প্ৰতিষেধক বিষয়া ডা: গণেশ ব্ৰহ্ম,  খৈৰাবাৰীৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ অনিল ডেকা, সমাজ কৰ্মী যশ্ৰাং বড়ো আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here