মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উদ্যোগত যোগ উৎসৱ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 20 April 2022

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উদ্যোগত যোগ উৎসৱ

 



W7s news ষ্টাফৰিপোৰ্টাৰ: মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটীস্থিত যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগে নতুন দিল্লীৰ মোৰাৰজী দেশাই নেচনেল ইনষ্টিটিউট অফ্‌ যোগৰ সহযোগত আৰু কেন্দ্ৰীয় চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ যোগ মহোৎসৱৰ অংশ হিচাপে “এশ দিন, এশখন নগৰ আৰু এশখন শিক্ষানুষ্ঠান আচনি“ৰ অধীনত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে যোগ উৎসৱ উদ্‌যাপন কৰিব ৷ এই উল্লেখনীয় দিনটোৰ প্ৰথম কাৰ্যসূচী অনুযায়ী নগাঁৱৰ বৰদোৱাৰ বটদ্ৰৱা থানত পুৱা ৭.৩০ বজাৰ পৰা ৮.৩০ বজালৈ কমন যোগা প্ৰট’কল  বিধি অনুসাৰে যোগৰ অনুশীলন কৰা হ’ব ৷ যোগৰ এই অনুশীলন মুকলি কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ  সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ৷ পুৱা ১০.৩০ বজাৰ পৰা দুপৰীয়া  ১২.০০বজালৈ বিশ্ববিদ্যালয়খনৰ নগাঁৱৰ প্ৰেক্ষাগৃহত “স্বাস্থ্য আৰু বিশ্বশান্তিৰ বাবে যোগ” শীৰ্ষক বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ দিহা কৰা হৈছে ৷ উক্ত আলোচনা চক্ৰত উৰিষ্যাৰ কটকৰ শ্ৰী শ্ৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বি.আৰ.শৰ্মা, মহাৰাষ্ট্ৰৰ কবি কুলগুৰু কালিদাস সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মধুসুদন পেন্না, চি.চি.আৰ.ৱাই.এন.ৰ সঞ্চালক ড° ৰাঘবেন্দ্ৰ ৰাৱ, যোগাচাৰ্য শুভাশিষ কৰ আদিকে কৰি বহুকেইজন বিদ্বানে অংশগ্ৰহণ কৰিবলগা আলোচনা চক্ৰখন মুকলি কৰিব মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ড° মৃণাল কুমাৰ বৰাই ৷ উল্লেখ্য, মোৰাৰজী দেশাই নেচনেল ইনষ্টিটিউট অফ্‌ যোগ’ৰ সঞ্চালক ড° আই.ভি.বাচাবৰাদ্দিয়ে আলোচনা চক্ৰখনৰ অধ্যক্ষৰ আসন সুশোভিত কৰিব ৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উদ্ধৰ্তন কৰ্তৃপক্ষই এই বিশেষ উৎসৱটি সফলতাৰে ৰূপায়িত কৰিবলৈ সকলোৰে সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here