ৱাৰ্ডৰ খোৱা পানীৰ সমস্যাৰ সমাধান, যাতায়াত ব্যৱস্থাৰ উন্নয়নেই প্ৰধান উদ্দেশ্য - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 April 2022

ৱাৰ্ডৰ খোৱা পানীৰ সমস্যাৰ সমাধান, যাতায়াত ব্যৱস্থাৰ উন্নয়নেই প্ৰধান উদ্দেশ্য

 




৫২ নং ৱাৰ্ডৰ নিৰ্বাচনী কাৰ্যালয় মুকলি চি পি আই (এম)ৰ




W7s news ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী পৌৰ নিগমৰ আগন্তুক নিৰ্বাচনৰ ৫২ নং ৱাৰ্ডৰ চি পি আই (এম)ৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় ফৰেষ্ট গে'টত উদ্বোধন কৰা হয়। কাৰ্যালয় উদ্বোধনৰ লগতে দলৰ মনোনীত প্ৰাৰ্থী ভূপেন্দ্ৰ বৰ্মনৰ সমৰ্থনত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। দলটিয়ে এইবেলি নিৰ্বাচনত ৱাৰ্ডৰ বাসিন্দাসকলে সততে জীয়াতু ভুগিবলগীয়া সমস্যাসমূহ সমাধানৰ বিষয়তো  মূল ভেটি হিচাপে গ্ৰহণ কৰি ইতিমধ্যে ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে। উল্লেখ্য , প্ৰায় ছাব্বিছ হাজাৰ ভোটাৰ থকা ৱাৰ্ডটোৰ বাসিন্দাসকলে বছৰ বছৰ ধৰি বিশুদ্ধ খোৱাপানী, সুচল যাতায়াত, মাটিৰ পট্টা, ৰাজহুৱা শৌচালয়, মঠঘৰীয়া নুনমাটি সংযোগী ফুটব্ৰীজৰ অভাৱত জীয়াতু ভুগি আহিছে। এই সমস্যাসমূহ সমাধানৰ হকে নিৰন্তৰ কাম কৰিব বুলি প্ৰাৰ্থী ভূপেন্দ্ৰ বৰ্মনে বক্তব্য আগবঢ়াই। প্ৰায় অৰ্ধশতাধিক লোকৰ উপস্থিতিত নিৰ্বাচনী কাৰ্যালয়টি উদ্বোধন কৰে প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মনে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here