দিল্লী-দিছপুৰে ৰাইজক শোধাইছে ৰামটাঙোন • মূল্যবৃদ্ধিঃ ব্যৰ্থ চৰকাৰঃ ৰাজ্যজুৰি বিক্ষোভেৰে আছু, এন এছ ইউ আইৰ উত্তাল প্রতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 April 2022

দিল্লী-দিছপুৰে ৰাইজক শোধাইছে ৰামটাঙোন • মূল্যবৃদ্ধিঃ ব্যৰ্থ চৰকাৰঃ ৰাজ্যজুৰি বিক্ষোভেৰে আছু, এন এছ ইউ আইৰ উত্তাল প্রতিবাদ

 







W7s news ষ্টাফৰিপোৰ্টাৰ: দেশজুৰি জনতা নিৰ্বিকাৰ হৈ থাকিলেও অসমত আৰম্ভ হৈছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰপ্ৰতিবাদ। খাদ্যবস্তু, ডিজেল, পেট্র'ল, ৰন্ধন গেছকে ধৰি ইন্ধনজাত সামগ্রী, ঔষধ, গৃহনির্মাণৰ সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশৰ জনগণক এক প্ৰকাৰ কোঙা কৰি পেলাইছে। যাৰফলত অভিলেষ সৃষ্টি হৈছে মুদ্ৰাস্ফিতীৰ। আকাশলংঘী মূল্যবৃদ্ধিৰ ভৰ সহ্য কৰিব নোৱাৰি ৰাজপথলৈ ওলাই আহিছে জনগণ, বিভিন্ন দল সংগঠন। বিভিন্ন দল, সংগঠন আৰু সৰ্বসাধাৰণ জনগণে  মূল্যবৃদ্ধি বিৰুদ্ধে বুধবাৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শাসনাধিষ্ঠি বিজেপি চৰকাৰৰ দিনত হোৱা আকাশলংঘী মূল্যবৃদ্ধি,  কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ এই জনবিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমত বিক্ষোভেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰা হয়। সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত বিক্ষোভ প্ৰদৰ্শন কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্রতিবাদ কৰে । মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৱস্থা নল'লে প্ৰতিবাদ অব্যাহত ৰখা হ’ব বুলি কেন্দ্ৰীয় আৰু অসম চৰকাৰক সদৌ অসম ছাত্ৰ সন্থাই কঠোৰভাৱে সকীয়াই দিছে । ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই কাৰ্যসূচীৰ জৰিয়তে কয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰ মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হৈছে। উভয় চৰকাৰে মূল্যবৃদ্ধিৰে সৰ্বসাধাৰণ ৰাইজক ৰামটাঙোন শোধাইছে । সকলো স্তৰতে মূল্যবৃদ্ধি হৈছে । খাদ্যবস্তুৰ জুই চাই দাম। ডিজেল, পেট্রল, ৰন্ধন গেছৰ প্ৰায় নিতৌ দাম বাঢ়িছে। ঔষধৰ দাম বাঢ়িছে । আনকি গৃহনির্মাণ সামগ্ৰীৰো মূল্যবৃদ্ধি হৈছে। জনসাধাৰণৰ জীবন ধাৰা দুর্বিষহ হৈ পৰিছে ।দিল্লী দিছপুৰৰ বৰ্তমান দলৰ নেতাসকল বিৰোধী পক্ষত থাকোতে মূল্যবৃদ্ধি হওতে আলু-পিয়াজৰ মালা পিন্ধি, গৰু গাড়ী চলাই প্রতিবাদ কৰিছিল । এতিয়া শাসনত সেই দিল্লী দিছপুৰৰ চৰকাৰে মূল্যবৃদ্ধিৰে ৰাইজক মাধমাৰ দিছে। উভয় চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰক । জনবিৰোধী সিদ্ধান্ত বাতিলেৰে জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা কৰক ।' আনহাতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰ'টাৰী পইণ্টত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।  পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী আকাশলঙ্ঘী মূল্যবৃদ্ধি বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ যোগান বিভাগ হায়-হায়, অসম চৰকাৰৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ আদি বিভিন্ন শ্লোগান দিয়ে। সদৌ গুৱাহাটী ছাত্ৰ সন্থা সভাপতি আনোৱাৰ হুছেইনে এই কাৰ্য্যসূচীৰ জৰিয়তে কয় -দৈনিক পেট্ৰ'ল-ডিজেলকে ধৰি খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে কিন্তু দিল্লী-দিছপুৰ ঘোৰ নিদ্ৰাত আছে।জনতাক শোষণ কৰিছে বিজেপিয়ে কিন্তু ৰাইজে শাসন কৰিবলৈহে ভোট দিছিল। মূল্যবৃদ্ধি ৰোধ কৰা বাবে যোগান বিভাগ তথা চৰকাৰে যি ধৰণৰ পদক্ষেপ লব লাগে তেনে পদক্ষেপ পৰিলক্ষিত হোৱা নাই। সাধাৰণ জনতাক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে। প্ৰতিবিধ সামগ্ৰী মূল্যবৃদ্ধি ফলত স্থবিৰ হৈছে। চৰকাৰে অতিশীঘ্ৰে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে 

আমি ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।'এই বিক্ষোভ কাৰ্যসূচীত

সদৌ গুৱাহাটী ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক ৰাইফউদ্দিন আহমেদ, সদৌ কামৰূপ (ম) জিলাৰ সভাপতি ৰজমিল আলি, সদৌ গুৱাহাটী ছাত্র সন্থাৰ উপদেষ্টা অলকেশ নাথৰ লগতে সদৌ গুৱাহাটী ছাত্র সন্থাৰ অন্তৰ্গত শাখা, উপশাখা, বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ইফালে এন.এচ.ইউ.আই অসমৰ উদ্যোগত কামৰূপ মহানগৰ জিলা এন.এচ.ইউ.আইৰ সহযোগত

 মুখ্যমন্ত্ৰীৰ ১ লাখ শিক্ষিত নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰ বিফলতা,পেট্ৰ'ল, ডিজেল তথা অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্র জাগৰণ যাত্রা কাৰ্যসূচী ৰাজ্যজুৰি গ্ৰহণ কৰা হয়।

কামৰূপ মহানগৰ জিলা এন.এচ.ইউ.আইয়ে

 গুৱাহাটীৰ ৰাজীৱ ভৱনত গ্ৰহণ কৰা এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ লগতে এন এছ ইউ আইৰ ৰাজ্যিক সভাপতি কৃষানু বৰুৱা,  উপ-সভাপতি দ্বীপজ্যোতি দাস, সাধাৰণ সম্পাদক কৌশিক কাশ্যক আদিৰ লগতে কামৰূপ মহানগৰ জিলা এন.এচ.ইউ.আইৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সদস্য সকল উপস্থিত থাকে। এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (অসমৰ ত্বত্বাবধায়ক) অনুশেষ শৰ্মাই বিজেপি চৰকাৰৰ দিনত হোৱা আকাশলংঘী মূল্যবৃদ্ধি, মিথ্যাচাৰৰ কঠোৰ ভাষাৰে সমালোচনা কৰে।এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলক ৰাজপথলৈ ওলাই প্ৰতিবাদ সব্যস্ত কৰাত আৰক্ষীয়ে বাধা আৰোপ কৰে আৰু প্ৰতিবাদ কাৰী সকলে বেৰিকেট ভাঙি ওলাই যাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা আৰোপ কৰে।  উল্লেখ্য, বিজেপি চৰকাৰৰ জনবিৰোধী নীতি আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি জনগণ আৰু দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here