গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চা দিশপুৰ মণ্ডলৰ উদ্যোগত যোগদান কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 5 April 2022

গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চা দিশপুৰ মণ্ডলৰ উদ্যোগত যোগদান কাৰ্যসূচী

 


 W7s news ষ্টাফৰিপোৰ্টাৰ: ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ মঙলবাৰে গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাৰ অন্তৰ্গত দিশপুৰ মণ্ডলত এক বিশেষ যোগদান সভাত শতাধিক যুৱক-যুৱতীয়ে যুৱ মৰ্চাত দলে বলে যোগদান কৰে। উক্ত সভাত ভাৰতীয় জনতা যুৱ মৰ্চা;গুৱাহাটী মহানগৰ জিলাৰ সভাপতি নীহাৰেন্দ্ৰ শৰ্মা , সাধাৰণ সম্পাদক হিমাংশু মুন বৈশ্য, দিশপুৰ মণ্ডলৰ সভাপতি গগন চন্দ্ৰ শৰ্মা, দিশপুৰ মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি বিপুল বৰ্মন, দিশপুৰ মণ্ডলৰ প্ৰভাৰী  সুকন্যা হাতীমুৰীয়া, সহ -প্ৰভাৰী মনজিত বিশ্বাসী, গুৱাহাটী মহানগৰ জিলাৰ সহ-কোষাধ্যক্ষ অভিশেষ মিশ্ৰ, সামাজিক মাধ্যম কোষৰ প্ৰিয়া ছেত্ৰীৰ লগতে জিলা তথা মণ্ডলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ যুৱপ্ৰজন্মই ভাৰতীয় জনতা পাৰ্টী তথা যুৱ মৰ্চাত যেনেদৰে যোগদান কৰিছে এইয়া গণতন্ত্ৰৰ বাবে এক শুভ সংকেত বুলি গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাৰ সভাপতি নীহাৰেন্দ্ৰ শৰ্মাই কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here