বিবেকানন্দ কেন্দ্র সংস্কৃতি প্রতিষ্ঠানৰ ৰূপালী জয়ন্তীৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 28 April 2022

বিবেকানন্দ কেন্দ্র সংস্কৃতি প্রতিষ্ঠানৰ ৰূপালী জয়ন্তীৰ আয়োজন

 





W7s news ষ্টাফৰিপোৰ্টাৰ:  উত্তৰ-পূব ভাৰতৰ সেৱাত ২৫ বছৰীয়া যাত্রা সফলতাৰে সম্পূৰ্ণ কৰাৰ উপলক্ষে বিবেকানন্দ কেন্দ্র সংস্কৃতি প্রতিষ্ঠান (ভি কে আই চি) য়ে ৩০ এপ্রিল আৰু ১ মে'ত প্রতিষ্ঠা দিৱস কাৰ্যসূচী উদযাপন কৰিব-বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বিবেকানন্দ কেন্দ্র সংস্কৃতি প্রতিষ্ঠান (ভি কে আই চি)ৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে ভি কে আই চিৰ যুটীয়া সম্পাদক

দীপঙ্কৰ মহন্তই। তেওঁ লগতে কয়-'অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।তেওঁ এই অনুষ্ঠানটো উদ্বোধন কৰাৰ লগতে ছিকিমৰ পৰম্পৰা আৰু সংস্কৃতি সংৰক্ষক নামগিয়াল লেপচা আৰু মেঘালয়ৰ সামাজিক উদ্যমী যুৱক আৰু সাংস্কৃতিক কর্মী ৰেথেল খংছিট'ক 'দ্য ভি কে আই চি সন্মান, ২০২২’ প্ৰদান কৰিব। এই সন্মানত থাকিব মানপত্ৰ, গ্ৰন্থৰ টোপোলা আৰু ৫০ হাজাৰকৈ টকা। এই অনুষ্ঠান ৩০ এপ্ৰিলত সন্ধিয়া ৫.৩০ বজাত অনুষ্ঠিত হ'ব। আনহাতে পহিলা মে'ত পুৱা ১০.৩০ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ অনুষ্ঠিত হ'ব। এই কাৰ্য্যসূচীত শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্র ট্ৰাষ্টৰ কোষাধ্যক্ষ,গীতা পৰিবাৰ আৰু মহৰ্ষি বেদব্যাসৰ প্ৰতিস্থানৰ প্ৰতিষ্ঠাপক স্বামী গোবিন্দ দেব গিৰি মহাৰাজে ‘তেজস্বী ভাৰতৰ' বিষয়ে দুয়োটা দিনতে মাগদৰ্শনৰ বক্তব্য আগবঢ়াব।বিবেকানন্দ কেন্দ্র সংস্কৃতি প্রতিষ্ঠান (ভি কে আই চি) হৈছে বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰীৰ এটা প্রকল্প যাৰ মূলমন্ত্র হৈছে : সংস্কৃতি ঐক্যম পুঞ্চতি (সংস্কৃতি দ্বাৰা ঐক্য)।' সংবাদ মেলত ৰূপালী জয়ন্তীবৰ্ষ উদ্ যাপন সমিতিৰ উপ-সভাপতি ৰবীন এন কলিতা,কেন্দ্ৰৰ অসম প্ৰান্তৰ কাৰ্যবাহী সদস্য তথা কোষাধ্যক্ষ ৰাম এছ

লাখুটিয়া, বিবেকানন্দ কেন্দ্র সংস্কৃতি প্রতিষ্ঠান কন্যাকুমাৰীৰ কোষাধ্যক্ষ প্ৰবীণ ডাভলকাৰ উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here