কপৌফুলৰ বতৰত অম্বিকাগিৰীৰ সেউজ সংঘৰ বাকৰিত ‘সেউজ সন্ধিয়া’ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 28 April 2022

কপৌফুলৰ বতৰত অম্বিকাগিৰীৰ সেউজ সংঘৰ বাকৰিত ‘সেউজ সন্ধিয়া’ আয়োজন

 

W7s news ষ্টাফৰিপোৰ্টাৰ: বিগত বছৰবোৰৰ দৰে অম্বিকাগিৰী নগৰৰ সেউজ সংঘৰ বাকৰিত ২০২২ বৰ্ষৰ সেউজ সন্ধিয়া আয়োজন কৰা হৈছে। ৩০ এপ্ৰিল, ২০২২ শনিবাৰে এদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন পৰম্পৰাগত খেল-ধেমালিৰ লগতে সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। 

উক্ত সাংস্কৃতিক অনুষ্ঠানত বাৰে বৰনীয়া কাৰ্যসূচীৰ লগতে ৰাজ্যৰ প্ৰতিষ্ঠিত কেইবাগৰাকী শিল্পীয়ে গীত পৰিবেশন কৰিব। সেউজ সংঘৰ বাকৰিত আয়োজিত এই ‘সেউজ সন্ধিয়া’ কাৰ্যসূচীত সকলোৰে দিহা পৰামৰ্শ আৰু সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। ‘সেউজ সন্ধিয়া’ আয়োজকসকলে জানিব দিয়া মতে সাধাৰণতে ব’হাগত বিহু মেলা অনুষ্ঠিত কৰাৰ যি প্ৰতিযোগিতা চলে তাৰ বিপৰীতে পৰম্পৰাগত ৰক্ষা কৰি প্ৰতি বছৰে সেউজ সংঘই কপৌফুলাৰ বতৰত ‘সেউজ সন্ধিয়া’ আয়োজন কৰি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here