ফলাফলৰ বিসংগতি দূৰ কৰাৰ দাবীত ছাত্ৰ-ছাত্ৰীয়ে কৰা আন্দোলনলৈ সমৰ্থন এছ এফ আইৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 28 April 2022

ফলাফলৰ বিসংগতি দূৰ কৰাৰ দাবীত ছাত্ৰ-ছাত্ৰীয়ে কৰা আন্দোলনলৈ সমৰ্থন এছ এফ আইৰ

 

৩০ এপ্ৰিলত "গণ-ইমেল অভিযান"ৰ আহ্বান 


W7s news ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে  মঙলবাৰে তৃতীয় আৰু প্ৰথম ষান্মাসিকৰ ফলাফলৰ বিসংগতি দূৰ কৰা, সময়মতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা আৰু গ্ৰেডিং পদ্ধতিৰ আসোঁৱাহসমূহ দূৰ কৰাৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়ত কৰা আন্দোলনলৈ সমৰ্থন আগবঢ়োৱাৰ লগতে তেওঁলোকৰ সৈতে সংহতি জ্ঞাপন কৰিছে। ইয়াৰ লগতে এছ এফ আইয়ে একেই দাবীৰ ভিত্তিত আগন্তক ৩০ এপ্ৰিলত সকলো ছাত্ৰ-ছাত্ৰীক গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষলৈ ইমেইল প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য,  স্নাতক তৃতীয় ষান্মাষিকৰ ফলাফলক কেন্দ্ৰ কৰি পোহৰলৈ অহা খেলিমেলি দূৰ কৰাৰ বাবে জানুৱাৰী মাহত ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন কৰাৰ পিছত চলিত বর্ষৰ  ২২ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ে সমগ্ৰ বিষয়টি অধ্যয়ন কৰিবলৈ এক 'ফেক্ট ফাইণ্ডিঙ কমিটি' গঠন কৰি ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছিল আৰু তাৰ ভিত্তিত সন্মুখলৈ অহা ত্ৰুটিসমূহ দূৰ কৰি ফলাফলসমূহ শুদ্ধ কৰা হ'ব বুলি জনাইছিল । কিন্তু অতি পৰিতাপৰ বিষয়যে আজিলৈ শুদ্ধকৈ ফলাফল প্ৰকাশ কৰা নহ'ল। ইপিনে প্ৰথম সন্মাষিকৰ ফলাফলতো বিসংগতি আছে বুলি অভিযোগ উত্থাপন হৈছে। এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ এক প্ৰতিনিধি দলে চলিত বছৰৰ  ৭ ফেব্ৰুৱাৰীতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ গোটেই প্ৰক্ৰিয়া খৰতকীয়া কৰি শীঘ্ৰে প্ৰতিবেদনৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছিল। কিন্তু এই ক্ষেত্ৰত কোনো অগ্ৰগতি দেখিবলৈ পোৱা নাই। সেয়ে ছাত্ৰ-ছাত্ৰীসকলে অতিষ্ঠ হৈ পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লগাত পৰিছে।

ছাত্ৰসকলে ইয়াৰ লগতে দাবী জনাইছে যে পৰীক্ষাৰ ফলাফলসমূহ সময়মতে ঘোষণা কৰিব লাগে। চূড়ান্ত ষান্মাষিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভবিষ্যতৰ নামভৰ্তিৰ বাবে এই দাবী যথেষ্ট গুৰুত্বপূৰ্ণ।  এছ এফ আইয়ে সামগ্ৰিকভাৱে স্নাতক পৰ্যায়ত সময়ে সময়ে উদ্ভৱ হোৱা পৰীক্ষা সংক্ৰান্তীয় বিসংগতিসমূহৰ মূল কাৰণসমূহ চিনাক্ত কৰি দূৰ কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই আহিছে। বিশ্ববিদ্যালয়ৰ ফলাফল ডিজিটেল মাধ্যমেৰে নিয়াৰিকৈ আগবঢ়োৱাৰ বাবে গঠন কৰা "আই ইউ এম এছ"ৰ দায়িত্বত থকা কোম্পানী আই টি আই লিমিটেডৰ বিভিন্ন গাফিলতি সময়ে সময়ে পোহৰলৈ আহিছে । এছ এফ আইয়ে কোনো কোম্পানীক এনে দায়িত্ব দিয়াৰ সলনি বিশ্ববিদ্যালয়ে নিজে সেই দায়িত্ব গ্ৰহণ কৰাৰ দাবী জনাই আহিছে। ইয়াৰ উপৰি এছ এফ আইৰ ৰাজ্যিক কমিটিয়ে গোটেই গ্ৰেডিং পদ্ধতিৰ আসোঁৱাহ দূৰ কৰিবলৈ এক বিকল্প গ্ৰেডিং পদ্ধতিৰ দাবী কৰি আহিছে । আন্দোলনকাৰী ছাত্ৰসকলেও এই দাবী উত্থাপন কৰিছে। ছাত্ৰসকলৰ দাবীলৈ সমৰ্থন জনাই আগন্তক ৩০ এপ্ৰিলত এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষলৈ দাবীসমূহ সকলো ছাত্ৰ-ছাত্ৰীক ইমেল কৰি এক "গণ-ইমেল অভিযান"ৰ আহ্বান জনাইছে বুলি এছ এফ আই, অসম ৰাজ্যিক কমিটিৰ সভাপতি প্ৰতুল বৰ্মন আৰু সাধাৰণ সম্পাদকনিৰংকুশ নাথে জানিবলৈ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here