৪ সাংবাদিক, ৮ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিক সম্বৰ্ধনা আজিৰ খবৰৰ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 10 April 2022

demo-image

৪ সাংবাদিক, ৮ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিক সম্বৰ্ধনা আজিৰ খবৰৰ

Responsive Ads Here

 

IMG20220409150228

W7s news ষ্টাফৰিপোৰ্টাৰ:  অসমৰ প্ৰতিটো কোণৰ বাতৰি পাঠক-দৰ্শকৰ মাজত নিৰ্ভীক- নিৰপেক্ষভাৱে যোগান ধৰি অহা প'ৰ্টেল চেনেল "আজিৰ খবৰ"ৰে উলাহ-মালহৰে মহানগৰীৰ দিছ্পুৰস্থিত লোক নিৰ্মান (গৃহ) বিভাগৰ ৰাজধানী নিৰ্মান সংমণ্ডলৰ প্ৰেক্ষগৃহত ত্রি-বাৰ্ষিক বৰ্ষপূৰ্তি আয়োজন কৰে। এই অনুষ্ঠানত  অতিথিৰূপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিকদ্বয় প্ৰণয় বৰদলৈ, ভূপেন্দ্ৰ নাথ ভট্ট আৰু মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া। ত্রি-বাৰ্ষিক বৰ্ষপূৰ্তি উপলক্ষে মহানগৰীৰ চাৰিগৰাকী সাংবাদিক, আঠগৰাকী বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা জনোৱা চাৰিগৰাকী সাংবাদিকৰ ভিতৰত আছে পংকজ মেধি (সংবাদ সৌৰভ বঁটা - ২০২২), সঞ্জয়  হাজৰিকা (সংবাদ সৌৰভ বঁটা - ২০২২), অভিজিৎ আচাৰ্য (সংবাদ সৌৰভ বঁটা- ২০২২) আৰু প্ৰণৱজ্যোতি দত্ত (সংবাদ সৌৰভ বঁটা - ২০২২)। আনহাতে, কোকৰাঝাৰ জিলাৰ সমাজ কৰ্মী সুনাধৰ ৰায়ক সমাজ জ্যোতি বঁটা - ২০২২, মহানগৰীৰ হাতীগাওঁৰ নুৰুল হকক যুৱ অগ্ৰণী বঁটা - ২০২২, বঙাইগাঁওৰ অভয়াপুৰীৰ হাছিফুল ইছলামক যুৱ নেতা বঁটা - ২০২২, সমাজসেৱিকা মিনাক্ষী চাংমাইক মানৱ সেৱা বঁটা-২০২২, গোলাঘাটৰ বাতিপৰীয়াৰ ছৈয়দুৰ ৰহমানক কৰ্মপ্ৰাণ বঁটা - ২০২২, সমাজসেৱিকা আশা চাংমাই খনিকৰক অনুপ্ৰেৰণা বঁটা - ২০২২, গুৱাহাটীৰ কেশৱ নয়নক যুৱ সাগস্কৃতিক বঁটা ২০২২ আৰু মহানগৰীৰ শৰীৰ চর্চাবিদ মনোজ কুমাৰ তালুকদাৰক ক্ৰীড়া সংগঠক সন্মান আগবঢ়োৱা হয়। আনহাতে, এই অনুষ্ঠানতে সদৌ অসম চিঠি লিখা প্ৰতিযোগিতাত বিজেতাসকলকো সম্বৰ্ধনা জনোৱা হয়। চিঠি প্ৰতিযোগিতাৰ বিজেতাসকল আছিল ক্ৰমে- নিলু দত্ত, চিৰিং চাপৰি ডিব্ৰুগড়, ৰীণা নাথ, গুৱাহাটী বিশ্ব বিদ্যালয়, চিমি কলিতা, গোৱালপাৰা, প্ৰিয়ংকা শৰ্মা, নলবাৰী মহাবিদ্যালয়, ৰাজীবা ফুকন, তিতাবৰ আৰু ৰীতা বৰুৱা,যোৰহাট, টিয়ক।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *