বৃহত্তৰ গুৱাহাটী নাগৰিক সেৱা সমন্বয় সমাজৰ প্ৰেছ ক্লাৱত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 4 April 2022

বৃহত্তৰ গুৱাহাটী নাগৰিক সেৱা সমন্বয় সমাজৰ প্ৰেছ ক্লাৱত

 



গুৱাহাটীত পানী যোগান সম্পৰ্কেত নাগৰিক সভা


গুৱাহাটী মহানগৰীত প্ৰতি বছৰে খোৱাপানীৰ যোগানৰ নামত তিনি হাজাৰ কোটি টকাৰ কলা ব্যৱস্যায় চলি আছে। ৭০ শতাংশত কৈ অধিক নাগৰিক নিৰাপদ খোৱা পানী যোগানৰ মৌলিক সুবিধাৰ পৰা আজিলৈকে বঞ্চিত হৈ আছে-বৃত্তৰ গুৱাহাটী নাগৰিক সেৱা সমন্বয় সমাজ 




W7s news ষ্টাফৰিপোৰ্টাৰ: 

গুৱাহাটী মহানগৰীত প্ৰতি বছৰে খোৱাপানী যোগানৰ নামত তিনি হাজাৰ কোটি টকাৰ কলা ব্যৱস্যায় চলি আছে। ৬০০ লিটাৰৰ টেংকাৰৰ পানী  যোগান কাৰী

সকলৰ চৰকাৰী পঞ্জীয়ন আছে নে নাই সেয়া ৰহস্যজনক। লগতে এই পানী সমূহ স্বাস্থ্য সন্মত হয় নে নহয় আৰু ই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে নেকি সেয়া চিন্তনীয় বিষয়-এইদৰে কয় 

বৃত্তৰ গুৱাহাটী নাগৰিক সেৱা সমন্বয় সমাজৰ আহ্বাবয়ক দীপক গোস্বামীয়ে। সোমবাৰে 

গুৱাহাটীত পানী যোগান সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱত নাগৰিক সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি তেওঁ লগতে কয় -

পানী যোগানৰ সমস্যা সম্পৰ্কে চৰকাৰৰ দৃষ্টি গোচৰ কৰিব বিচাৰিছোঁ।

গুৱাহাটী মহানগৰীত ৭০ শতাংশত কৈ অধিক নাগৰিক নিৰাপদ খোৱা পানী যোগানৰ মৌলিক সুবিধাৰ পৰা বঞ্ছিত হৈ আছে।

ইয়াৰোপৰি বিগত বর্ষৰ ১৬ ডিচেম্বৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রীক সাক্ষাৎ কৰি তথা আলোচনা কৰি আমি এখন স্মাৰক পত্ৰ প্রদান কৰিছিলোঁ।

সম্প্রতি, মাত্র প্রায় ৩০ শতাংশ গুৱাহাটীবাসীয়েহে গুৱাহাটী পৌৰ নিগম , জনস্বাস্থ্য কাৰিকৰী বিভাগ  আৰু অসম নগৰ পানীযোগান আৰু পয়ঃপ্রণালী বোর্ড  এই তিনিটা সংস্থাৰ পৰা পুৰণি কেতবোৰ পানীযোগান আচনিৰ যোগেদি অনিয়মীয়াভাবে কিছু পানীৰ যোগান লাভ কৰি আছে। বাকী ৭০ শতাংশত কৈ অধিক নাগৰিক নিৰাপদ খোৱা পানী যোগানৰ মৌলিক সুবিধাৰ পৰা আজিলৈকে বঞ্চিত হৈ আছে ।


ৰাইজৰ দাবীত যোৱা ২০০৯ ৰ পৰা অসম চৰকাৰে বৃহৎ অভিলাষী চাৰিখন খোৱাপানীৰ আঁচনি পৰ্য্যায়ক্রমে আৰম্ভ কৰিছে। বৃহত্তৰ গুৱাহাটীখনক চাৰিটা ভাগত-  গুৱাহাটী দক্ষিণ-পশ্চিম (১০৭ এম.এল.ডি),  দক্ষিণ-মধ্য- (১৯১ এম. এল.ডি.),  দক্ষিণ-পূর্ব (৯৭ এম. এল.ডি.) আৰু উত্তৰ গুৱাহাটী (৩৭ এম,এল, ডি) বিভক্ত কৰি মহানগৰবাসীক পানীযোগান ধৰিবলৈ পৰিকল্পনা কৰিছিল । কিন্তু দুর্ভাগ্যবশতঃ ১২ বছৰ অতিক্ৰম কৰাৰ পিছতো গুৱাহাটীবাসীয়ে প্রতিশ্রুতি অনুসৰি উক্ত আঁচনি কেইখনৰ পৰা পানীযোগান পাবলৈ সক্ষম হোৱা নাই। বিভিন্ন মাধ্যমৰ জৰিয়তে আমি জানিব পাৰিছোঁ যে দক্ষিণ-পশ্চিম গুৱাহাটী প্রকল্পটোৰ এটা মাত্ৰ অতি ক্ষুদ্র অঞ্চলতহে (৫ শতাংশ কৈ কম) আংশিক ভাৱে সেই আঁচনিখনৰ পৰা ৰাইজলৈ কিছু পানীযোগান ধৰিছে । আনহাতে বাকী তিনিটা প্ৰকল্পৰ কামৰ অগ্ৰগতি মুঠেই সন্তোষজনক নহয়। সময়মতে এই অভিলাষী পানীৰ প্ৰকল্প কেইটা শেষ কৰিব নোৱাৰাটো চৰকাৰৰ অকর্মণ্যতা আৰু ব্যর্থতা ।ফলত শুৱাহাটীৰ নাগৰিকৰ বাবে ব্যক্তিগতভাৱে নিজৰ প্ৰয়োজনীয় পানীখিনি সংগ্ৰহ কৰাটো যথেষ্ট কষ্টসাধ্য হৈ পৰিছে। ইয়াৰ আন এটা কাৰণ হ'ল এই যে বর্তমান গুৱাহাটীৰ ভূগৰ্ভৰ পানী দিনক দিনে হ্রাস পাই গৈ আছে। মহানগৰবাসীৰ এনে অসহায় অবস্থান পূর্ণ সুযোগ লৈছে অবৈধ পানী ব্যবসায়ীয়ে। এনে পানী মাফিয়াক আঁৰৰ পৰা মদত যোগাইছে প্রশাসন আৰু চৰকাৰে। ফলত বৰ্তমান দুর্যোগ পৰিস্থিতিত নাগৰিকসকলে বাধ্য হৈ যোৱা পানী যিনি বিশুদ্ধতা পৰীক্ষা নকৰাকৈয়ে চৰা দামত পানী কিনি খাবলগীয়া হৈছে এই অবৈধ পানী ব্যৱসায়ীসকলৰ পৰাই। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, গুৱাহাটীবাসী ৰাইজৰ হৈ বু.গু.না.সে.স, সমিতিয়ে এই সমস্যাটোৰ সমাধান বিচাৰি চৰকাৰৰ ফালৰ পৰা প্ৰকল্পকেইটা ক্ষিপ্রতাৰে আৰু নিম্নোক্ত সময়বদ্ধ প্রণালীতসম্পূৰ্ণ কৰি বৃহত্তৰ গুৱাহাটীবাসীক পানীযোগান ধৰিবলৈ দাবী জনাইছে।যিহেতুকে চৰকাৰে দাবী কৰামতে গুৱাহাটী দক্ষিণ-পশ্চিম পানী যোগান প্ৰকল্পৰ কামৰ প্ৰায় ১৯৩শতাংশ অগ্রগতি হৈছে সেয়েছে এই প্রকল্পটো ২০২২ চনৰ আগষ্টত সম্পূর্ণভাবে শেষ কৰিব লাগে, এতিয়ালৈ গুৱাহাটী- দক্ষিণ- মধ্য প্ৰকল্পৰ কাম প্রায় ৫০ শতাংশ হৈছে বুলি বাতৰি প্ৰচাৰিত হৈছে, সেয়েহে এই প্রকল্পটোৰ লগতে উত্তৰ-গুৱাহাটীৰ প্ৰকল্পটোও ২০২২-২৩ চনৰ ভিতৰত সম্পূর্ণ কৰিব লাগে। আনহাতে গুৱাহাটী দক্ষিণ-পূর প্রকল্পটো ২০২৩-২৪ চনৰ ভিতৰত সম্পূৰ্ণকে শেষকৰাৰ সময়-নিৰ্দ্ধাৰিত তথা নিশ্চিত লক্ষ্য ধার্য কৰিব লাগে।

 পানীৰ ব্যৱহাৰৰ নিৰিখ ধাৰ্য্য কৰাৰ ক্ষেত্ৰত গুৱাহাটী পানী নিয়ামক কর্তৃত্ব (Guwahati Water Regulatory Authority) গঠন কৰা লগতে মহানগৰীবাসীৰ মতামত লোৱাটো নিশ্চিত কৰক। এনে নিয়ামক কর্তৃত্ব গঠন নহলে খোৱাপানীৰ প্ৰয়োজনীয় গুণগত মানদণ্ড ৰক্ষা কৰা আৰু সুশৃংখলিতভাৱে তথা সুলভ মূল্যত ঘৰে ঘৰে পানী যোগান ধৰাটো সম্ভৱ নহ'ব

বর্তমান গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচন সমাগত। প্রায় নবছৰৰ বিৰতিৰ পিচত এই এপ্রিল মাহৰ ভিতৰতে ৰাইজন নির্বাচিত প্রতিনিধিৰ দ্বাৰা পৌৰনিগম গঠন হ'ব। নির্বাচনী প্রচাৰৰ সময়ত প্ৰাৰ্থী সকলে খোৱাপানী আর্টনি কেইকেইখনৰ সম্পূৰ্ণকৰণত সর্বাধিক অগ্রাধিকাৰ দিব বুলি আমি আশা ৰাখোঁ। আহক, খোৱাপানী সমস্যার আশু সমাধানৰ বাবে চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰাৰ উদ্দেশ্যে আমি সদৌ মহানগৰবাসী ঐক্যবদ্ধ হওঁ ।'সমাজৰ মুখ্য আহ্বায়ক

 সোণেশ্বৰ পাটোৱাৰীয়ে আঁতধৰা নাগৰিক সভাখন ড০ কনক চন্দ্ৰ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। সভাত সমল ব্যক্তি হিচাপে সত্যব্ৰত শৰ্মা, কৃষ্ণ চন্দ্ৰ লহকৰ, নাজিবুদ্দিন আহমেদ, ব্ৰজেন চৌধুৰী  উপস্থিত থাকে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here