এৰিদাৰ গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 4 April 2022

এৰিদাৰ গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেল

 


দেশজুৰি হোৱা নিৰ্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰভাৱ পৰিছে 



১৯ বিধ নিৰ্মাণ সামগ্ৰীৰ মূল্য বৃদ্ধি


ৰঙালী বিহুৰ পাছত বৃদ্ধি পাব ফ্লেটৰ মূল্য


ফ্লেটৰ প্ৰতি বৰ্গফুটত বৃদ্ধি পাব ৬০০ টকা




W7s News ষ্টাফৰিপোৰ্টাৰ : 'ৰঙালী বিহুৰ পাছত বৃদ্ধি পাব ফ্লেটৰ মূল্য।ফ্লেটৰ প্ৰতি বৰ্গফুটত বৃদ্ধি পাব ৬০০ টকা- এই ভাষ্য

আছাম ৰিয়েল ইষ্টেট ইফাষ্টাকচাৰ ডেভেলপাৰ এছ'চিয়েশন চমুকৈ 'এৰিডা'ৰ সভাপতি পি. কে শর্মাৰ। সোমবাৰে 

এৰিডা'ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত সভাপতি পি কে শৰ্মাই লগতে কয়- দেশজুৰি হোৱা নিৰ্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰভাৱ বাৰুকৈয়ে নিৰ্মাণ উদ্যোগত পৰিছে।  ১৯ বিধ নিৰ্মাণ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। ২০২০ চনৰ অক্টোবৰ মাহৰ পৰা পৰা ২০২২ চনলৈ

এই কেইবিধ নিৰ্মাণ সামগ্ৰীৰ মূল্য

৩৭. ৪০  শতাংশ বৃদ্ধি পাইছে।

সেয়েহে  ৰঙালী বিহুৰ পাছত বৃদ্ধি পাব ফ্ৰেটৰ মূল্য। নির্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে প্রভাব পেলাইছে নির্মাণ খণ্ডত। নির্মাণ সামগ্রীর অভাবনীয় মূল্যবৃদ্ধিয়ে প্রভাৱ পেলাইছে নির্মাণ খণ্ডত। 

অসমৰ বিল্ডাৰসকল বর্তমান উদ্বেগজনক পৰিস্থিতিৰ সম্মুখীন হৈছে আৰু এই পৰিস্থিতিত কেতবোৰ পদক্ষেপ গ্ৰহণৰ বাহিৰে আন কোনো বিকল্প নোহোৱা হৈ পৰিছে। নির্মাণ প্রকল্পবোৱৰ পৰা আর্জিত বাজহে আনকি নিৰ্মাণৰ ব্যয়ো সামৰি ল'ব পৰা নাই। ২০২০ চনৰ পৰা নিৰ্মাণ খণ্ডৰ বাবে প্রয়োজন হোৱা সামগ্ৰীৰ মূল্য প্রতি বর্গফুটত ৬০০ টকা পর্যন্ত বৃদ্ধি পাইছে। নির্মাণত ব্যৱহাত ৰ'দ আৰু চিমেন্টৰ দৰে মূল্য কেঁচা সামগ্ৰীৰ মূল্য বহু গুণে বৃদ্ধি পাইছে। ইফালে, বিক্রেতাসকলে মূল্যবৃদ্ধিক কাৰণ সন্দৰ্ভত ইউক্ৰেইনৰ যুদ্ধৰ ফলত বিশ্বব্যাপী যোগান শৃংখলা ব্যাহত হোৱাকে ধৰি বিভিন্ন কারণ উল্লেখ কৰে। ক'ভিড-১৯ৰ পাছত বৰ্তমানৰ মূল্যবৃদ্ধিৰ সংকটে ৰিয়েল ইষ্টেট

ডেভেলপাৰ্চ

সকলৰ ওপৰত দ্বৈত আঘাত দিছে। কিয়নো তেওঁলোকৰ বাবে আনুমানিক সময়সীমা আৰু ব্যয়ৰ ভিতৰত প্ৰকল্প সম্পূৰ্ণ কৰাটো অসম্ভৱ হৈ পৰিছে। বিশেষকৈ ৰঙৰ বাবে পৰিস্থিতি ইমানেই বেয়া হৈছে যে যোগানকাৰীসকলে উচ্চমূল্যতো অর্ডাৰ ল'বলৈ ইচ্ছুক নহয়। বর্তমান পৰিস্থিতিত প্রধানমন্ত্রীর আবাস যোজনাই হওঁক বা চৰকাৰৰ আন আন্তঃগাঁথনি প্রকল্পই হওঁক, সকলো নির্মাণ কার্য গুৰুতৰভাৱে প্রভাবিত হৈছে। বিক্ৰী নোহোৱা ফ্লেটৰ মূল্য বৃদ্ধি কৰাত বাধা নাই যদিও অগ্রিম বুকিং কৰা ফ্লেটৰ মূল্যবৃদ্ধি কৰাত আছে। কিন্তু বর্তমান পৰিস্থিতিত পূৰ্বতে বুকিং কৰা মূল্যত ফ্লেট বিক্ৰী কৰাটো অসম্ভৱ হৈ পৰিছে। কাৰণ নির্মাণ ব্যয় বহু বৃদ্ধি পাইছে। বর্তমান পৰিস্থিতিৰ বাবে মহাৰাষ্ট্ৰ

 আৰু এনচিআন ডেভ 'লপাৰ্চসকলে ইতিমধ্যে নির্মাণ সামগ্রী ক্রয় বন্ধ কৰি দিছে আৰু মূল্য যুক্তিসঙ্গত নোহোৱালৈকে কাম বন্ধ কৰি দিছে। দেশৰ বহু ৰাজ্যই এই সিদ্ধান্ত লৈছে। বিগত আঢ়ৈ বছৰত ৰ'দ, চিমেণ্ট আৰু অন্যান্য নির্মাণ সামগ্ৰীৰ মূল্য ক্রমান্বয়ে বৃদ্ধি হৈ আহিছে। এইবোৰ এতিয়া এক স্তৰত আকাশচুম্বী হৈছে আৰু যিটো সকলো ডেভলপাৰ্চৰ সামৰ্থৰ বাহিৰত। আমি ইয়াত ১৯টা মুখ্য নির্মাণ সামগ্রীৰ মূল্যবৃদ্ধিৰ পৰিসংখ্যা সকলোৰে তথ্যৰ বাবে এক দৃষ্টান্ত হিচাপে দাঙি ধৰিছে। বর্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এৰিডাৰ ২৬ মাৰ্চত অনুষ্ঠিত সাধাৰণ সভাত নির্মাণক বর্ণিত ব্যয় পূৰণ কৰাৰ বাবে সর্বসম্মতিক্রমে ব'হাগ বিছৰ পাছত সকলো ফেটৰ মূল্য প্রতি বর্গফুটত ৬০০ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বায় বুদ্ধিৰ এই বাস্তব সত্যৰ পৰা কোনেও পৰিত্রাণ পাব নোৱাৰে। সেয়া নিজৰ ঘৰ নিৰ্মাণ কৰা ব্যক্তি হওক নাইবা ফ্রেট ক্রেতা হওক। প্রকল্পৰ সময়ছোৱাত ভবিষ্যত ব্যয়ব সঠিক ভবিষ্যতবাণী কোনেও কৰিব নোৱাৰে আৰু প্ৰকল্পটোৰ অস্তিত্ব ৰক্ষাৰ বাবে সকলো বিক্ৰী চুক্তি বৃদ্ধিৰ ধাৰা থকাটো অত্যাবশ্যকীয়। কিয়নো সেয়া সাম্প্রতিক পৰিস্থিতিত স্পষ্টভাবে প্রতিষ্ঠিত হৈছে। উল্লেখ্য, আৰ ই আৰ এ আইন ২০১৬-এ নির্মাতা ক্ৰেতাৰ চুক্তিত বুদ্ধিৰ ধাৰা অন্তর্ভুক্ত কৰা নাছিল। দুর্ভাগ্যবশতঃ ৰাজ্যিক আৰ ই আৰ এৰ নিয়মসমূহে বাধ্যতামূলক না এস্কেলেচন বানাৰ সৈতে এখন খচৰা চুক্তি আৰোপ কৰিছিল। ইয়াৰ মাজতে কেইবাটাও ৰায় দিয়া হৈছে— য'ত কোৱা হৈছে যে ঘোষিত নিয়মবোৰে কোনো পৰিস্থিতিত আইনখন অগ্রাহ্য কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰক সমগ্ৰ দেশতে প্রযোজ্য ৰাষ্ট্ৰীয় ক্রেতা নির্মাতা চুক্তি প্রস্তুত কৰিবলৈ নির্দেশ দিছে। আমি চুক্তিখনত এটা বৃদ্ধিৰ ধাৰা অন্তর্ভূক্ত কৰাৰ বাবে জোৰ দি আছো। সংশ্লিষ্ট সকলোৱে বুজিব লাগিব যে যদি নিৰ্মাণৰ অস্বাভাবিক বৃদ্ধিৰ বাবে বা আন কোনো বৈধ কাৰণত এজন প্ৰমটাৰ দেউলিয়া হৈ পৰে, তেন্তে প্রকল্পটো সম্পূর্ণ কৰাটো তেওঁৰ বাবে অসম্বর হ'ব আৰু এয়া কেতিয়াও ফ্রেট ক্রেতার সর্বোত্তম হিতব বাবে হ'ব নোৱাৰে। আমি প্রকল্প সম্পূর্ণ হোৱাৰ মাদিত ৬ মাহৰ সম্প্ৰসাৰণৰ বাবে আৰু ই আৰু এ কর্তৃপক্ষৰ ওচৰত আবে কৰি আছোঁ। কিয়নো বায়ৰ এই অস্বাভাবিক বৃদ্ধিৰ বাবে ৰাজ্যজুৰি প্ৰকল্পবোৰ ব্যাহত হৈছে। ক্রেতাসকলক আমার বিপজ্জ পৰিস্থিতিটো বুজিবলৈ আৰু চলিত প্ৰকল্পবোৰ ৰক্ষা কৰাৰ বাবে আমাৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ।' 

সংবাদ মেলত এৰিডাৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here