পূব-গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 8 April 2022

পূব-গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

 


W7s News ষ্টাফৰিপোৰ্টাৰ: পূব-গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত ১৪ এপ্রিলৰ পৰা ১৭ এপ্রিললৈ অনুষ্ঠিত হ'বলগীয়া ৬১ সংখ্যক সমাৰোহৰ লগত সংগতি ৰাখি  ১১ এপ্রিলত পুৱা ১০ বজাৰ পৰা যুটীয়া সঞ্চালক, স্বাস্থ্য বিভাগ (কামৰূপ মহানগৰ) আৰু ডি.পি.এম. (এন.এইচ. এম.)ৰ সহযোগত চানমাৰিস্থিত পূব-গুৱাহাটী বিহু সম্মিলনৰ কাৰ্যালয়ত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। ডাঃ কৰবী হাজৰিকা চৌধুৰীৰ তত্ত্বাবধানত অনুষ্ঠিত হ'বলগীয়া এই  শিবিৰত স্বাস্থ্য পৰীক্ষাৰ লগতে তেজৰ নমুনা পৰীক্ষাও সম্পন্ন কৰা হ'ব। সম্মিলনৰ সভাপতি বিপুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই এই  শিবিৰত সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here