বৃহত্তৰ বামুণিমৈদাম জ্যোতিনগৰ শাখা লেখিকা সংস্থা' গঠন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 8 April 2022

বৃহত্তৰ বামুণিমৈদাম জ্যোতিনগৰ শাখা লেখিকা সংস্থা' গঠন

 '






Was news ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ বামুণিমৈদামৰ শংকৰদেৱ সমাজ নামঘৰ জ্যোতি নগৰ প্ৰাংগণত শুকুৰবাৰে 'বৃহত্তৰ বামুণিমৈদাম জ্যোতিনগৰ শাখা লেখিকা সংস্থা' নামেৰে এটা শাখা গঠন কৰা হয়। লেখিকা সংস্থা অসমৰ সভাপতি মৃদুলা শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা নতুন শাখাৰ সভাখনত লেখিকা সংস্থা, অসমৰ সম্পাদক বিজয়া দেৱদাস, সাংগঠনিক সম্পাদক মৃণালী ভড়ালী, উপ-সভাপতি নিৰু শৰ্মা পৰাজুলী, সহ:সম্পাদক ত্ৰিবেণী মজুমদাৰ, কোষাধ্যক্ষ জুৰি বৰুৱা উপস্থিত থাকি বক্তব্য আগবঢ়ায় আৰু নতুন শাখা গঠনৰ প্ৰচেষ্টাক শলাগে। শংকৰদেৱ সমাজ  নামঘৰৰ সভাপতি অৱনী ৰঞ্জন পাঠক উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। এই উপলক্ষে অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে বৰগীত পৰিবেশন কৰে জয়া শইকীয়াই। বিহুগীত পৰিবেশন কৰে দিলোপমা হাজৰিকাই, কবিতা পাঠ কৰে হিৰণ্যময়ী বৰুৱাই,বঙালী কবিতা পাঠ কৰে মনোৰমা মহাপাত্ৰই। সমজুৱাৰ ভাষণ দিয়ে গীতাঞ্জলি বৈশ্য নাথ আৰু মঞ্জুলা বেগম আৰু নতুনকৈ গঠন হোৱা কমিটিৰ সভাপতি, সম্পাদক আদিয়ে। উল্লেখ, নৱগঠিত শাখাটো  হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁই, মৃদুলা শৰ্মা, নিৰুশৰ্মা পৰাজুলী, বিজয়া দেবদাস, মৃণালী ভৰালীক উপদেষ্টা, ড০ বৈজয়ন্তী গোস্বামীক সভাপতি, হিৰণ্যময়ী বৰুৱাক সাধাৰণ সম্পাদক, গীতাঞ্জলী বৈশ্যনাথক কাৰ্যকৰী সভাপতি, কানন শৰ্মা আৰু ৰুণু দাসক উপ-সভাপতি, মঞ্জুলা বেগমক কোষাধ্যক্ষ, জয়া শইকীয়া আৰু দিলুপমা শইকীয়াক সাংস্কৃতিক সম্পাদক, বনশ্ৰী পাঠকক প্ৰচাৰ সম্পাদক, উষামণি শইকীয়া আৰু পুতুলী ঠাকুৰীয়া মেধিক পত্ৰিকা সম্পাদক, গীতিকা দেৱী, মীনাক্ষী মহন্ত আৰু বন্তি শইকীয়া দত্তক সদস্য হিচাপে লৈ গঠন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here