পূব-গুৱাহাটী বিহু সন্মিলনৰ ৬১ সংখ্যক সমাৰোহত সদৌ অসম ভিত্তিত বিভিন্ন প্ৰতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 April 2022

পূব-গুৱাহাটী বিহু সন্মিলনৰ ৬১ সংখ্যক সমাৰোহত সদৌ অসম ভিত্তিত বিভিন্ন প্ৰতিযোগিতা

 


W7s News ষ্টাফৰিপোৰ্টাৰ: অসমৰ ঐতিহ্যমণ্ডিত পূব-গুৱাহাটী বিহু সম্মিলনে ৬১ সংখ্যক সমাৰোহত  ১৪ এপ্রিল  পৰা ১৭ এপ্রিল লৈ অসমৰ আগশাৰীৰ শিল্পীৰ দ্বাৰা পৰিৱেশিত গীত-মাত, বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰ লগতে বিভিন্ন বিশ্ব প্রতিযোগিতাৰ আয়োজন কৰিছে। ১৪ এপ্রিলত শ্রেষ্ঠ বিহু নাচনী, শ্রেষ্ঠ বিহু হুঁচৰি দল, অসম বিহুৱা, ১৫ এপ্রিলত অসম বিহুৱতী, শ্রেষ্ঠ বিহু ঢুলীয়া প্রতিযোগিতা আৰু শ্রেষ্ঠ পেঁপা বাদন প্রতিযোগিতা, ১৬ এপ্রিলত জেং বিহু প্ৰতিযোগিতাৰ আয়োজন কৰিছে। অসম বিহুবতী প্রতিযোগিতাত প্রথম, দ্বিতীয়, তৃতীয়, চতুর্থ আৰু পঞ্চম পুৰস্কাৰ যথাক্রমে নগদ মাননী ১,০০,০০০/- টকা আৰু চলন্ত সোণৰ কিৰিটি, ৭৫,০০০/- টকা, ৫০,০০০/ টকা, ৩০,০০০/- টকা, ২০,০০০/- টকা প্রদান কৰাৰ উপৰিও ষষ্ঠৰ পৰা দশম পুরস্কাৰ বিজয়ী প্রত্যেক গৰাকীলৈ ১০,০০০/- টকাকৈ প্ৰদান কৰা হ'ব। শ্রেষ্ঠ বিহু হঁচৰি দল প্রতিযোগিতাত প্রথম, দ্বিতীয়, তৃতীয়, চতুর্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম পুৰস্কাৰ যথাক্রমে ৫০,০০০/- টকা, ৩০,০০০/- টকা, ২৫,০০০/- টকা, ১৫,০০০/- টকা, ১০,০০০/- টকা, ৭,০০০/- টকা আৰু ৫,০০০/- টকা প্ৰদান কৰা হ'ব। শ্রেষ্ঠ বিহু নাচনী প্রতিযোগিতাত প্রথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ যথাক্রমে ৩০,০০০/- টকা আৰু চলন্ত সোণৰ কিৰিটি, ২৫,০০০/- টকা, ২০,০০০/- টকা প্ৰদান কৰা হ'ব। অসম বিহুৱা প্রতিযোগিতাত প্রথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ যথাক্রমে ১০,০০০/- টকা, ৮,০০০/- টকা, ৬,০০০/- টকা প্রদান কৰা হ'ব। শ্রেষ্ঠ বিহু ঢুলীয়া প্রতিযোগিতাত প্রথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ যথাক্রমে ৮,০০০/- টকা, ৬,০০০/- টকা, ৪,০০০/- টকা প্ৰদান কৰা হ'ব। শ্রেষ্ঠ পেঁপা বাদন প্রতিযোগিতাত প্রথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ যথাক্রমে ৬,০০০/- টকা, ৪,০০০/- টকা, ৩,০০০/- টকা প্রদান কৰা হ'ব। অসম বিহুৱা বাচনি শ্রেষ্ঠ বিহু হুচৰি দলৰ পৰা আৰু শ্রেষ্ঠ বিহু ঢুলীয়াৰ লগতে শ্রেষ্ঠ পেঁপা বাদকৰ বাচনি অসম বিহুৱতী প্রতিযোগী দলৰ পৰাই চূড়ান্ত কৰা হ'ব। অসম বিহুৱতী আৰু শ্রেষ্ঠ বিহু নাচনী প্রতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্রাপ্তক বিভিন্ন উপহাৰ সামগ্ৰীও প্রদান কৰা হ'ব। জেং বিহু প্রতিযোগিতাত প্রথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ যথাক্রমে ১০,০০০/- টকা, ৭,৫০০/- টাকা, ৫,০০০/- টকা প্রদান কৰা হ'ব। উক্ত প্রতিযোগিতাসমূহত অংশগ্রহণ কৰিবলৈ ইচ্ছুক প্রতিযোগীসকলক চানমাৰিস্থিত পূব-গুৱাহাটী বিহু সন্মিলৰ স্থায়ী কার্যালয়ত অথবা ৭০০২৯-৭০২৭১,৯৮৬৪০-২৬৩৭৭, ৬৯১৩২-৩২০৩২ নম্বৰত যোগাযোগ কৰিবলৈ সন্মিলনৰ সভাপতি বিপুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়া আৰু সাংস্কৃতিক বিভাগৰ সভাপতি নবকুমাৰ মজুমদাৰ আৰু সম্পাদকয় ৰাজেন বড়ো আৰু নেছাৰুদ্দিন আহমেদে আহ্বান জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here