বি এছ এন এল এমপ্লয়িজ ইউনিয়নৰ দশম সর্বভার্ৰতীয় অধিবেশন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 31 March 2022

বি এছ এন এল এমপ্লয়িজ ইউনিয়নৰ দশম সর্বভার্ৰতীয় অধিবেশন

 




বি. এছ এন. এলৰ বৰ্তমানৰ আৰ্থিক দুৰৱস্থা আৰু কোম্পানীয়ে আজিলৈ ৪জি সেৱা আৰম্ভ কৰিব নোৱাৰা জলন্ত সমস্যা দুটাই হব এই অধিবেশনত মূল আলোচ্য বিষয়



W7s News ষ্টাফৰিপোৰ্টাৰ : বি এছ এন এল এমপ্লয়িজ  ইউনিয়নৰ দশম সর্বভার্ৰতীয় অধিবেশন ২ এপ্ৰিলৰ পৰা ৪ এপ্রিললৈ তিনিদিনীয়া কার্যাসৃষ্টিৰে শুৱাহাটীৰ মাছখোৱাস্থিত প্রাগজোতি সাংস্কৃতিক প্রকাত অনুস্থিত হব- বৃহস্পতিবাৰে ইউনিয়নৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে ইউনিয়নৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক পি অভিমন্যুই । তেওঁ লগতে কয় -বি এছ এন এল এমপ্লয়িজ   ইউনিয়ন হৈছে বি এছ এন এলৰ প্রধান স্বীকৃতিপ্রাপ্ত শ্রমিক সংগঠন। ভাৰতাৰ্যৰ বিভিন্ন প্ৰান্তৰ প্রায় ৭০০/- (সাতশ) প্রতিনিধি এই অধিবেশনত অংশগ্রহন কৰিব। চি আই ডি ইউৰ  সভাপতি ডা. কে. হেমলতাকে ধৰি বহু সংখ্যক ইউনিয়নৰ নেতাই  এই অধিবেশনত অংশগ্রহন কৰিব।

বি. এছ এন. এলৰ বৰ্তমানৰ আৰ্থিক দুৰৱস্থা আৰু কোম্পানীয়ে আজিলৈ ৪জি সেৱা আৰম্ভ কৰিব নোৱাৰা জলন্ত সমস্যা দুটাই হব এই অধিবেশনত মূল আলোচ্য বিষয়। ব্যক্তিগত কোম্পানীবোৰে ২০১৪ চনৰ পৰাই ৪জি সেৱা চলাই থকাৰ  পাছতো বি এছ এন এলে এই সেৱা আৰম্ভ কৰিব পৰা নাই। কাৰণ ভাৰত চৰকাৰে বি এছ এন এল ত ৪জি সেৱা আৰম্ভ কৰিবলৈ সন্মতি প্ৰদান কৰা নাই বি এছ এন এল 

লৈ ৪জি স্পেকট্ৰাম  সুবিধা প্রদান কৰাটো চৰকাৰৰ কর্তব্য। কিন্তু ইচ্ছাকৃত ভাৱে চৰকাৰে সেয়া কৰা নাই। বহু দাবী আৰু সংগ্ৰামৰ অন্তত ২০১৯ চনৰ ২৩ অক্টোবৰত

বি এছ এন এল 

 ৪জি স্পেকট্ৰাম  প্রদান কৰা হব বুলি প্রতিশ্রুতি দিছিল যদিও বি এছ এন এলে

যাতে ৪জি সেৱা আৰম্ভ কৰিব নোৱাৰে তাৰ বাবে বিভিন্ন পন্থা হাতত লোৱা আৰম্ভ কৰে। উদাহৰণ স্বৰূপে, ৪জি সেৱাৰ বাবে চৰকাৰে প্ৰযোজনীয় ৪৯৩০০ টা কমপেটিবুল বি টি এছ ক উন্নীতকৰণত বাধা প্রদান কৰে। ২০২০ ৰ মাৰ্চ মাহত বি এছ এন এলে (৫০,০০০)এছ টি এছ  ক্রয়ৰ বাবে যি টেণ্ডাৰৰ ব্যৱস্থা কৰে চৰকাৰে তাত বাধা প্রদান কৰে আৰু কেৱল মাত্ৰ ভাৰতীয় কোম্পানীৰ পৰাহে এই ৪জি একুইপমেন্ট কিনি ৰিব বুলি বি এছ এন এল

 ক নির্দেশ জাৰী কৰে। যেতিয়া এয়াৰটেল, জিও’ আ

আৰু ভ'ডাফোন, আইডিয়া আদিৰ দৰে ব্যক্তিগত কোম্পানীবোৰক তেওঁলোকৰ

প্রয়োজনীয় ৪জি একুইপমেণ্ট (ন'কিয়া), এৰিকছন আৰু ছেমছং আদিৰ দৰে বিদেশী সংস্থাৰ পৰা কিনাৰ অনুমতি প্রদান কৰাৰ বিপৰীতে

বি এছ এন এলক কেৱলমাত্ৰ ভাৰতীয় কোম্পানীৰ পৰাহে ৪জি একুইপমেন্ট কিনাৰ নিৰ্দেশ দিয়া হ'ল। এয়া বি এছ এন এলক বি এছ এন এল লেভেল প্লেইং গ্ৰাউন্ডৰ

 পৰা বঞ্চিত কৰাৰ এক ষড়যন্ত্ৰ কৰিছে অন্য একো নহয়। ইয়াৰ ফলত বি এছ এন এলৰ আর্থিক অবস্থা বেয়াকৈ ভাঙি পেলায়। চৰকাৰে ভালকৈয়ে যানে যে কোনো ভাৰতীয় কোম্পানীৰ হাতত ৪জিৰ  কোনো টেকন'লজী নাই। 

মোডী চৰকাৰৰ মূল উদ্দেশ্য হ'ল বি এছ এন এলক ৰুগ্ন কোম্পানীলৈ ৰূপান্তৰ কৰা আৰু এয়াৰ ইণ্ডিয়াৰ দৰে ব্যক্তিগত কোম্পানীৰ হাতত বি এছ এন এলক বিক্ৰী কৰা। বিগত বর্ষৰ ডিচেম্বৰ মাহত ২৩ লাখ নতুন গ্ৰাহকে বি এছ এন এলৰ সেৱা গ্ৰহণ কৰিছে আৰু চলিত বছৰৰ জানুৱাৰী মাহত ২৫ লাখ নতুন গ্ৰাহকে বি এছ এন এলৰ সেৱা গ্ৰহণ কৰিছে। সম্প্ৰতি বি এছ এন এলৰ প্ৰায় ৭০ হাজাৰ টাৱাৰ আছে আৰু ২৩ মিলিয়ন গ্ৰাহক আছে।' সংবাদ মেলত ইউনিয়নৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি এম আৰ দাস, অভ্যৰ্থনা সমিতিৰ উপ-সভাপতি গৰ্গ তালুকদাৰ, সাধাৰণ সম্পাদক বিজয় ডেকা, প্ৰচাৰ সম্পাদক ডি কে দেৱনাথ, শৈলেন শৰ্মা আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here