এপ'ল' হাস্পতালৰ উদ্যোগত হাওঁফাওঁৰ সংৰোপনৰ বিশেষ পদক্ষেপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 12 March 2022

এপ'ল' হাস্পতালৰ উদ্যোগত হাওঁফাওঁৰ সংৰোপনৰ বিশেষ পদক্ষেপ

 


W7s news ষ্টাফৰিপোৰ্টাৰ: এতিয়াৰে পৰা দেশত সহজলভ্য হ'ব হাওঁফাওঁৰ সংৰোপন অস্ত্ৰোপচাৰ। এপ'ল' হাস্পতালৰ উদ্যোগত লোৱা হৈছে হাওঁফাওঁৰ সংৰোপনৰ বিশেষ পদক্ষেপ। শনিবাৰে গুৱাহাটীত আয়োজিত এক সংবাদমেলত এই বিষয়ে বৰ্ণনা কৰি এপ'ল' হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক মনজিত সিং কানৱাৰে কয় যে পূৰ্বে এই অস্ত্ৰোপচাৰৰ বাবে বহু ৰোগী বিদেশলৈ যাব লগা হৈছিল কিন্তু এতিয়াৰে পৰা দিল্লী এপ'ল' হাস্পতালত হ'ব হাওঁফাওঁ সংৰোপনৰ এই কঠিন অস্ত্ৰোপচাৰ। গুৱাহাটী এপ'ল' হাস্পতালত মুকলি কৰা হ'ব এটা কেন্দ্ৰ, ৰোগীয়ে এই কেন্দ্ৰৰ জৰিয়তে ল'ব পাৰিব পৰামৰ্শ। তেওঁ লগতে কয় যে ভাৰতত বৰ্তমানো অংগ দানৰ সজাগতা বৃদ্ধি পোৱা নাই। বিশ্বৰ আন দেশৰ তুলনাত এতিয়াও ভাৰতত বৃদ্ধি পোৱা নাই অংগ দানৰ সজাগতা। অংগ দানৰ ফলত এজন লোকৰ জীৱন ৰক্ষা পৰে যদিও আজিও ইয়াৰ প্ৰতি অধিক সজাগতা দেখিবলৈ পোৱা নাই। তেওঁ লগতে কয় -অংগদানৰ জৰিয়তে আমি মানুহৰ জীৱন ৰক্ষা কৰাৰ লগতে সমাজলৈ এক ইতিবাচক বাৰ্তা দিব পাৰোঁ। এজন ব্যক্তিৰ এটা অংগ আন এজন ব্যক্তিৰ দেহত ছয় ঘণ্টাৰ ভিতৰত সংৰোপণ কৰিব পৰা যায়। এপ'ল' হাস্পতালৰ হাওঁফাওঁ সংৰোপণ আৰু ক'ভিড টীমৰ প্ৰমুখগৰাকীয়ে আৰু কয় যে হাওঁফাওঁ সংৰোপণ ক্ৰমাত উন্নত হ'বলৈ ধৰিছে। ২০০০ চনৰ পূৰ্বে ভাৰতত হাওঁফাওঁ সংৰোপণৰ যি স্থিতি আছিল আজি সেই স্থিতি অধিক উন্নত হৈছে। হাওঁফাওঁ সংৰোপণ ২০০০চনৰ তুলনাত ডেৰ-দুই শতাংশ বৃদ্ধি পাইছে। এজন ব্যক্তিৰ হাওঁফাওঁ সংৰোপণ হোৱাৰ পিছত গড়ে ৭-৮বছৰ জীৱিত থকাটো নিশ্চিত হয়। তেওঁ এই বুলিও কয় যে হাওঁফাওঁ সংৰোপণৰ পিছত ৰোগীজনৰ দেহত কিছু দিনলৈ জটিলতাই দেখা দিয়ে যদিও সেয়া পিছত ঠিক হৈ যায়। তেওঁ কয় যে সম্পূৰ্ণ এই অস্ত্ৰোপচাৰত খৰছ হ'ব প্ৰায় ৩৫-৪০ লাখ টকা। হাওঁফাওঁ সংৰোপনৰ এই অস্ত্ৰোপচাৰ ৬ ঘণ্টাৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগে বুলিও উল্লেখ কৰে। সংবাদমেলত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গো উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here