গুৱাহাটী মুকলি অত্যাধুনিক ক্লিক হোটেল.. - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 12 March 2022

গুৱাহাটী মুকলি অত্যাধুনিক ক্লিক হোটেল..

 


W7S News: ষ্টাফৰিপোৰ্টৰ গুৱাহাটী : যোৱা ১১ মাৰ্চত গুৱাহাটীৰ লালগণেশত মুকলি কৰা হয় ক্লিক হোটেলছ্‌ৰ এটি শাখা৷ভাৰত আৰু নেপালৰ ৩৪টা স্থানত ইতিমধ্যেই এই হোটেলগ্ৰুপৰ সেৱা উপলব্ধ হৈছে৷


মহানগৰীৰ লালগনেশ স্থিত হায়াত হস্পিতালৰ সমীপত চুবা গ্ৰুপ অব্‌ হোটেলছ্‌ৰ এই অত্যাধুনিক হোটেলত আজি অনুষ্ঠিত হোৱা সংবাদমেল সম্বোধন কৰি হোটেলখনৰ প্ৰৱন্ধক পৱন পাঠকে ৰাইজৰ সেৱাৰ বাবে বহু সুবিধাৰ লগতে পৰম্পৰাগত আতিথ্যৰে এই হোটেলখন গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ গুৱাহাটীৰ স্পেন -আই-গেলেক্সী হোটেলছ্‌ৰ লগত সহযোগিতা থকা ক্লিক হোটেলৰ স্বতাধিকাৰী  প্ৰসেনজিত চক্ৰৱৰ্তীয়ে জনোৱা মতে এই হোটেলখনত অসমৰ ৯৯%থলুৱা নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়া হৈছে৷ভৱিষ্যতে এশ শতাংশই থলুৱা কৰ্মচাৰীক মকৰল কৰা হ’ব৷মুঠ ৮৮টা কোঠা থকা বিলাসী কিন্তু কমখৰচী হোটেলখনত বিনামূলীয়া ইণ্টাৰনেট সেৱা,সুষম খাদ্য,সুন্দৰ পৰিৱেশ,বিবাহ বা আন অনুষ্ঠান আয়োজনৰ সুবিধা,ৰেষ্টুৰেণ্ট-বাৰ,বেংকুৱেট হল আদিৰ সুবিধা থকাৰ লগতে আছে এচাম কৰ্ম্যোদমী কৰ্মচাৰীৰ গ্ৰাহকৰ প্ৰতি সেৱা৷মুম্বাইত মুখ্য কাৰ্যালয় থকা এই হোটেলখনে গুৱাহাটীৰ লালগণেশস্থিত নিজৰ চৌহদত গ্ৰাহকৰ বাহন সমূহৰো পাৰ্কিঙৰ সুব্যৱস্থা ৰাখিছে৷ ইতিমধ্যেই ক্লিক হোটেলে  সকলো প্ৰয়োজনীয় সেৱাৰে গ্ৰাহকক আদৰিবলৈ সাজু হৈছে৷আজিৰ সংবাদ মেলত চুবা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ অশোক উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here