যোগ মহোৎসৱ ২০২২ৰ সর্বানন্দ সোণোৱালৰ
W7s news নিউজ ডেস্ক: সমগ্ৰ ভাৰতৰ লগতে বিশ্বব্যাপী আগন্তক ২১ জুনত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ইয়াৰ সৈতে সংগতি ৰাখি ১০০ দিনৰ পূৰ্বৰ পৰাই আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্রতিষ্ঠানে কেইবাটাও বিশেষ কাৰ্যসূচী হাতত লৈছে। এই উপলক্ষে নতুন দিল্লীত আয়োজিত যোগ মহোৎসৱ, ২০২২ৰ অনুষ্ঠানৰ দেওবাৰে শুভ উদ্বোধন কৰে কেন্দ্রীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সৰ্বানন্দ সোণোৱালে। ১০০ খন চহৰত ১০০টা প্রতিষ্ঠান, সংগঠনৰ অংশগ্রহণেৰে ১০০ দিনীয়াকৈ উক্ত কাৰ্যসূচীসমূহ ৰূপায়িত হ'ব। তিনিমাহৰো অধিক সময়জুৰি অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীসমূহত কেন্দ্রীয় মন্ত্রীসকল, গণ্যমান্য ব্যক্তি, আগশাৰীৰ
যোগ গুৰু, যোগ আৰু আনুষঙ্গিক বিজ্ঞানৰ বিশেষজ্ঞ আদিয়ে অংশগ্ৰহণ কৰিব। এই বছৰৰ কাৰ্যসূচীবোৰ ভার্চুৱেলীও অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰসংঘই ২১ জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিবস' হিচাপে ঘোষণা কৰাৰ পৰাই আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্রতিষ্ঠানে এই দিৱস উদযাপন সম্পর্কে জনসাধাৰণক সজাগ আৰু সংবেদনশীল কৰি তোলাৰ বাবে যোগ মহোৎসৱৰ সফল আয়োজন কৰি আহিছে। এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে যোগ তথা ইয়াৰ উপকাৰিতাৰ বহুল প্রচাৰ আৰু প্ৰসাৰ কৰা আৰু লগতে স্বাস্থ্য, কল্যাণ আৰু বিশ্ব শান্তিৰ বাবে ১০০ দিনৰ অভিযানৰ বিষয়ে প্ৰচাৰ কৰা।ভাষণ প্রসংগত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, "যোগ হৈছে ভাৰতৰ এক চহকী ঐতিহ্য-পৰম্পৰাৰ প্রতীক। আমাৰ শাৰীৰিক-মানসিক উৎকর্ষ সাধনত ইয়াৰ গুৰুত্ব অপৰিসীম। ইউনেস্ক'ৰ মুখ্য কাৰ্যালয়ত মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি ঐতিহাসিক ভাষণ প্রদান কৰিছিল, তাৰেই পৰিপ্ৰেক্ষিতত প্ৰায় সকলো ৰাষ্ট্ৰৰ পৰা অভূতপূর্ব সমর্থন লাভ কৰাৰ পিছত ৰাষ্ট্ৰসংঘই ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিয়ে। যোগ এতিয়া বিশ্বৰ মানৱ সমাজৰ বাবে হৈ পৰিছে সুখ-শান্তি, ভাতৃত্ববোধ আৰু সুস্বাস্থ্যৰ প্ৰতীক। ৰোগ নিৰাময়, হতাশা দূৰীকৰণ, মানসিক বোজাৰ উপশম আদিত যোগে মানৱ সমাজক নতুন পথৰ সন্ধান দিবলৈ সক্ষম হৈছে।' অনুষ্ঠানত লগতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দৰ যাদৱ, হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰ লাল খট্টৰ, ছিকিমৰ মুখ্যমন্ত্রী প্রেম সিং টামাং, কেন্দ্ৰীয় আয়ুষ ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাই, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী মীনাক্ষী লেখি, পৰমাৰ্থ নিকেতনৰ সভাপতি স্বামী চিদানন্দ সৰস্বতী প্ৰমুখ্যে আয়ুষ মন্ত্ৰালয় আৰু মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ কর্তৃপক্ষ।
No comments:
Post a Comment