সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৪ সংখ্যক মৃত্যু দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 March 2022

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৪ সংখ্যক মৃত্যু দিৱস পালন

 




 গুৱাহাটী, আহঁতগুৰি,সম্বলপুৰ কলকাতাত অনুষ্ঠান



 W7s news ষ্টাফৰিপোৰ্টাৰ : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৪ সংখ্যক মৃত্যু দিৱস উপলক্ষে শনিবাৰে অসমৰ বিভিন্ন ঠাইত আৰু বেজবৰুৱাৰ কৰ্মভূমি ওড়িশাৰ সম্বলপুৰ আৰু কলকাতাতো স্মৃতিচাৰণৰ আয়োজন কৰা হয়। বেজবৰুৱাৰ জন্ম স্থান মৰিগাঁও জিলাৰ আহঁতগুৰিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতি আৰু আহঁতগুৰি শতদল শাখা সাহিত্য সভাৰ উদ্যোগত এই উপলক্ষে শনিবাৰে  পুৱা ৮-৩০ বজাত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ পিছত এখন স্মৃতিসভা অনুষ্ঠিত হ'য়। আনহাতে

  স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত শনিবাৰে সন্ধিয়া  গুৱাহাটীৰ আমবাৰীৰ লক্ষ্মীনাথ বেজবৰুৱা চ'কত  আয়োজিত অনুষ্ঠানত কটন মহাবিদ্যালয়ৰ 'নবীন' গোষ্ঠীৰ হৈ ছাত্ৰ-ছাত্ৰীৰ এটা দলে সমস্বৰে পৰিবেশন কৰে জাতীয় সংগীত '' অ' মোৰ আপোনাৰ দেশ'। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মা, দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দেবেন্দ্ৰ নাথ বসুমতাৰী, অসম সাহিত্য সভাৰ সদস্য অৱণী চহৰীয়া। 

স্মৃতিৰক্ষা সমিতিৰ সভাপতি প্ৰদ্যুত কুমাৰ চৌধুৰীয়ে ৰসৰাস লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে স্মৃতি চাৰণ সভাৰ শুভাৰম্ভ কৰে।

সভাত কটন বিশ্ববিদ্যালয়ৰ নবীন গোষ্ঠী আৰু বিগত বৰ্ষৰ ১৪ অক্টোবৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিৱসত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে 'অ মোৰ আপোনাৰ দেশ' গীতটো সুন্দৰভাৱে পৰিবেশন কৰা বাবে সমিতিয়ে একোখন মানপত্ৰ প্ৰদান কৰে ।

সভাত সমিতিৰ সাধাৰণ সম্পাদক ৰণ্টু ডেকাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ ল'য়।ইপিনে ,ওড়িশাৰ সম্বলপুৰৰ মেণ্ডেলা চ'ক ত সাহিত্যৰথীৰ এক স্মৃতিচাৰণ অনুষ্ঠান বিশিষ্ট  সাংবাদিক-লেখক দীপক পাণ্ডাৰ নেতৃত্বত সম্বলপুৰবাসীয়ে অনুষ্টুপীয়াকৈ আয়োজন কৰে। কলিকতাতো আছাম হাউছ ৰ আবাসীক আয়ুক্ত  তাপস দেৱ আৰু  এ এছ এল ক্লাবৰ উদ্যোগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু দিৱস পালন কৰে। তাত   পিকু শ্বাহা বউপস্থিত থাকে।কলিকতা এ এছ এল  ক্লাৱৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। তদুপৰি গুৱাহাটীৰ সমিতিৰ চাৰি গৰাকী সদস্যৰ অন্যতম সদস্য চন্দ্ৰ ধৰ বৰাৰ উপস্থিত থাকে। এ এছ অল

, ক্লাৱৰ কাৰ্যবাহী সম্পাদক তথা সমিতিৰ অন্যতম সদস্য  দীপক তালুকদাৰে সভা খন আঁত ধৰে। শলাগৰ শৰাই অসম হাউচ ৰ সহকাৰী বিষয়া মিৰান্দা দাসে আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here