ই-ৰিক্সা চালকক হাৰাশান্তি বন্ধ কৰাৰ দাবী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 March 2022

ই-ৰিক্সা চালকক হাৰাশান্তি বন্ধ কৰাৰ দাবী




খানাপাৰাত পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত চালকৰ উত্তাল প্রতিবাদ





W7s News ষ্টাফৰিপোৰ্টাৰ : কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰাকৈয়ে যাতায়তৰ ক্ষেত্ৰত ৰাইজক সেৱা আগবঢ়াই অহা ই বিক্সা চালকসকলক নীতি বহিঃভূতভাৱে কৰা হাৰাশাস্তি বন্ধ কৰাৰ লগতে চালকসকলক চৰকাৰী স্বীকৃতি প্ৰদানৰ উপৰি অন্যান্য সমস্যা সমাধানৰ দাবীত শনিবাৰে  ই-ৰিক্সা চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। খানাপাৰাস্থিত পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম-ওৱাহাটী ই-ৰিক্সা চালক ইউনিয়নৰ উদ্যোগত গ্ৰহণ কৰা এই প্রতিবাদী কাৰ্যসূচীত শতাধিক চালকসকলে সমাগতভাবে বিভিন্ন শ্ল'গানেৰে পৰিবহণ আয়ুক্তৰ কাৰ্যালয় কপাই তোলে। প্রতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা ই-বিক্সা চালকসকলে ই-বিক্সা চালকক হাৰাশাস্তি বন্ধ কৰক, “আমাক চৰকাৰী স্বীকৃতি দিয়ক’, ‘প্ৰদূষণমুক্ত ই-বিক্সা জব্দ কৰা নচলিব”, ই-বিক্সা চলাচলৰ পথ শীঘ্ৰে নিৰ্ধাৰণ কৰিব লাগিবই আদি শ’গানেৰে পৰিবেশ উত্তাল করে। প্রতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰি ইউনিয়নৰ সভাপতি বীৰেন শর্মাই কয় 'গুৱাহাটী মহানগৰবাসীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ই-বিক্সা চালকসকলে প্ৰদূষণমুক্ত পৰিবেশত যাত্রী যাতায়তৰ সুবিধা দি আহিছে। বিগত প্রায় ৫ -৬ বছৰ ধৰি মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত বিভিন্ন সমস্যাৰ মাজতে চালকসকলে সেবা আগবঢ়াই আহিছে। ফলত যাত্ৰীসকলে সুৰক্ষিতভাবে যাতায়ত কৰাৰ উপৰিও এইক্ষেত্ৰত নিবনুৱা সমস্যা কিছু পৰিমাণে দূৰ হোৱা পৰিলক্ষিত হৈছে। কিন্তু সেই অনুপাতে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে ই-বিক্সা চালকসকলৰ সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই। বিভিন্ন সময়ত দাবী জনাই অহাৰ পাছতো পৰিবহণ বিভাগে ই-বিক্সা চলাচলৰ পথৰ নিৰ্দেশনা আৰু চালকক স্বীকৃতি প্রদান কৰা নাই। ইয়াৰ বিপৰীতে ৰাজপথত চলাচল কৰা ই-ৰিক্সা জধে-মধে জব্দ কৰি চালকসকলক হাৰাশাস্তি কৰি আহিছে। সেয়েহে চালকসকলৰ যাবতীয় সমস্যা শীঘ্ৰে সমাধান কৰাৰ দাবী জনায়।এই প্রতিবাদী কাৰ্যসূচীত মিলন বে, সূর্য বড়ো, লক্ষ্মীনাথ চেতিয়া, দেবজিৎ বর্মণকে ধৰি কেইবাগৰাকী সদস্য বক্তব্য আগবঢ়ায়। সদৌ শেষত পৰিবহণ বিষয়া গৌতম দাস, বচবুল ইছলাম আৰু হিমাংশু দাসৰ উপস্থিতিৰ পৰিবহণ আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here