ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 March 2022

ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন

 


W7s News ষ্টাফৰিপোৰ্টাৰ :- গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ উদ্যোগত ২৯ আৰু ৩০ মাৰ্চত আজাদী কা অমৃত মহোৎসৱ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি দুদিনীয়াকৈ এখন ৰাষ্ট্ৰীয় আলোচনা চক্র অনুষ্ঠিত কৰা হ'ব। আলোচনা চক্ৰৰ বিষয় হৈছে "প্রাচীন কালৰ পৰা বৰ্ত্তমানযুগলৈ অসমত সংস্কৃত চৰ্চা আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ প্ৰয়োগত সংস্কৃত শিক্ষকৰ ভূমিকা " । এই আলোচনা চক্ৰ ভাৰতীয় শিক্ষণ মণ্ডল, গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ সহযোগত আৰু ভাৰতীয় ইতিহাস অনুসন্ধান পৰিষদ (আই.চি.এইচ.আৰ) ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ'ব। আই এছ টি. ৰ সভাগৃহত অনুষ্ঠিত হ'বলগীয়া এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় শিক্ষণ মণ্ডলৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক  মুকুল কণিটকৰ সাৰস্বত অতিথিহিচাপে অংশ গ্ৰহণ  কৰিব। মুখ্য অতিথি হিচাপে থাকিব নলবাৰী সমষ্টিৰ বিধায়ক তথা অসমৰ  মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ণ বিশ্ববিদ্যালয়, নলবাৰীৰ উপাচার্য অধ্যাপক ড. দীপক কুমাৰ শৰ্মা  বিশিষ্ট অতিথি হিচাপে থাকিব। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়,  অধ্যাপক ড. সন্তোষ কুমাৰ শুক্লই  মূল ভাষণ প্ৰদান  কৰিব । সামৰণি অনুষ্ঠানত সভাপতি হিচাপে থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক  ড. ৰাজেন্দ্ৰনাথ শৰ্মা ।মুখ্য অতিথি হিচাপে থাকিব অসম চৰকাৰৰ শিক্ষামন্ত্ৰী  মন্ত্ৰী ড. ৰণোজ পেগু, । সাৰম্বত অতিথি হিচাপে থাকিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহ ক্ষেত্ৰ-প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here