দহদিন চৰকাৰী চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেওঁ দহ লাখ টকাকৈ গ্ৰেচুইটি দিয়া হ'ব বুলি কৰা মুখ্যমন্ত্ৰীৰ ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 11 March 2022

দহদিন চৰকাৰী চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেওঁ দহ লাখ টকাকৈ গ্ৰেচুইটি দিয়া হ'ব বুলি কৰা মুখ্যমন্ত্ৰীৰ ঘোষণা

 


প্ৰকৃতাৰ্থত পালন কৰক -অসম ৰাজ্যিক শিক্ষক- কৰ্মচাৰী সংস্থা


 W7s news ষ্টাফৰিপোৰ্টাৰ: দহদিন চৰকাৰী চাকৰি কৰি অৱসৰ গ্ৰহণ  কৰিলেওঁ দহ লাখ টকাকৈ গ্ৰেচুইটি দিয়া হ'ব বুলি পূৰ্বৰ বিত্ত আৰু শিক্ষামন্ত্রী তথা বৰ্তমানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে পালন কৰক-এই দাবী অসম ৰাজ্যিক শিক্ষক- কৰ্মচাৰী সংস্থাৰ। শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত সংস্থাৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই দাবী উত্থাপন কৰি সংস্থাৰ মুখ্য উপদেষ্টা প্ৰবীণ শইকীয়াই কয়- বিগত বর্ষৰ ৫ ফেব্ৰুৱাৰীত সৰুসজাইত টেট শিক্ষক আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ পদ প্রাদেশিকীকৰণৰ বাবে শিক্ষক-কর্মচাৰীৰ মাজত নিযুক্ত পাত্র বিতৰণ কৰা সমাৰোহত নিযুক্তি পত্ৰ বিতৰণ কৰি গ্রেচুইটিৰ বিষয়ে

পূৰ্বৰ বিত্ত, শিক্ষা মন্ত্ৰী তথা বর্তমানৰ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা প্ৰকৃতাৰ্থত পালন কৰক। ২০১৩ বৰ্ষৰ এক জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ প্রাথমিকৰ পৰা স্নাতক পৰ্যায়লৈকে ভেঞ্চাৰ শিক্ষানুষ্ঠান সমূহত আমি বিনা বতনে কাম কৰি থকা শিক্ষক কৰ্মচাৰী সকলৰ মুখলৈ চৰকাৰী ঘোষণাত মুখলৈ পানী আহিছিল। কিন্তু চৰকাৰৰ সেই ঘোষণা কাৰ্যত অসাৰ প্ৰতিপন্ন হ'ল। 

সেয়েছে আমি অসম ৰাজ্যিক শিক্ষক-কর্মচাৰী সংঘ (২০১৩ প্রাদেশিকীকৃত) নিম্ন প্রাথমিক, উচ্চ প্রাথমিক, উচ্চ মাধ্যমিক আৰু ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষক কর্মচাৰীয়ে সম্মিলিত ভাবে বর্তমান জনপ্রিয় মুখ্যমন্ত্ৰীক ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা শিক্ষক কর্মচাৰীৰ বাবে

 দহ লাখ টকাকৈ প্রেচুইটি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংস্থাৰ ফালৰ দাবী জনালোঁ। লগতে পুৰণা পেঞ্চন নীতি বাহাল ৰাখিবলৈ তথা ৫০ শতাংশ পেঞ্চন দিবলৈ দাবী জনালোঁ।আমাৰ ৪২,৫৮৫ চনৰ

মুঠ ৬,৮০০ জন শিক্ষক-কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছোঁ আৰু প্ৰাপ্য গ্ৰেচুইটিৰ পৰা বঞ্চিত হৈ আছোঁ। আমাৰ দাবী পূৰণ নহলে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হম।' সংবাদ মেলত সংস্থানৰ মুখ্য সভাপতি নৃপেন্দ্ৰ নাথ শৰ্মাৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here