সদৌ অসম প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 11 March 2022

সদৌ অসম প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ সংবাদ মেল

 


আগন্তুক বাজেট অধিৱেশনত ৰন্ধন কর্মী সকলৰ মজুৰি বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী


অন্যথা অনির্দিষ্টকালীন নিদ্রা ভংগ ৰেলীৰে” অচল কৰি তোলা হ’ব দিছপুৰ 



W7s News ষ্টাফৰিপোৰ্টাৰ: আগন্তুক বাজেট অধিৱেশনত ৰন্ধন কর্মী সকলৰ মজুৰি বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে সদৌ অসম উচ্চ-প্রাথমিক মধ্যাহ্নভোজন ৰান্ধনি আৰু সহায়িকা সন্থাই।

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই দাবী উত্থাপন কৰি সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে কয়-  ৰাজ্য চৰকাৰক  শেষ বাৰৰ বাবে  এই আহ্বান জনালোঁ। আমি নতুনকৈ গঠন হোৱা ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনলৈ যথেষ্ট আশাবাদী আছিলোঁ। আই-মাতৃ সকলৰ সমস্যা সমূহ শীঘ্রেই সমাধান হ'ব বুলি আশা কৰিছিলোঁ। কিন্তু ১০ মাহ অতিক্ৰম হোৱা চৰকাৰখনে বিগত সময়খিনিত ৰন্ধন কর্মৰ লগত জড়িত ১,১৮৯৯৮ গৰাকী ৰান্ধনি-সহায়িকাৰ হৈ এটাও শব্দ আৰু চিন্তা যুগুত কৰা দেখিবলৈ নাপালো। আনকি পূর্বতে ড° হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী হৈ থকাৰ সময়তে অতিৰিক্তভাৱে ঘোষণা কৰা যি ৫০০ টকা সেয়াও বিগত ৬ মাহ ধৰি বন্ধ কৰি ৰাখিছে। পূৰ্বৰ নিৰীখতে ১০০০ টকাকৈ প্ৰদান কৰি ৰান্ধনি আই-মাতৃসকলক আভুৱাভাৰি আহিছে।

গতিকে  এই সংবাদমেলৰ জৰিয়তে আই সকলৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰিবলৈ দাবী জনাইছো। লগতে বাজেট অধিৱেশনত যদিহে ৰন্ধন কর্মী সকলৰ সমস্যা আৰু মাননি বৃদ্ধিৰ সম্পৰ্কত কোনো সিদ্ধান্ত নহয় তেনেহ'লে সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সম্বাই চৰকাৰৰ নিদ্ৰা ভংগ কৰিবলৈ “অনির্দিষ্টকালীন নিদ্ৰা ভংগ ৰেলীৰে” দিছপুৰ অচল কৰি তুলিব। কুম্ভকৰ্ণ নিদ্ৰাত থকা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আমি নিদ্ৰা ভংগ কৰিব বিচাৰিছোঁ।

আমাৰ মূল দাবী হৈছে অসমৰ প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ত কৰ্মৰত ১,১৮,৯৯৮ গৰাকী ৰান্ধনি সহায়িকাৰ মাননী ১৫০০ টকাৰ পৰা ৯৬০০ টকালৈ শীঘ্ৰে বৃদ্ধি কৰা, ৰান্ধনি,সহায়িকা সকলক পেঞ্চন আৰু মেডিকেল ইত্যাদিৰ সুবিধা প্ৰদান কৰা,"মধ্যাহ্ন ভোজন" আঁচনিখন কোনো কাৰণতে বে-চৰকাৰী সংস্থাক হাতত তুলি নিদিয়া।' সংবাদ মেলত সন্থাৰ উপ-সভানেত্ৰী খুদেজা খাতুনৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here