W7s news ষ্টাফৰিপোৰ্টাৰ :উদীয়মান খেলুৱৈলৈ বাট মুকলি কৰি দি বিশ্ব বক্সিং,এছিয়ান গেমছত নেখেলাৰ সিদ্ধান্ত অলিম্পিকৰ পদক বিজয়ী তাৰকা বক্সাৰ মেৰী কমৰ।আগন্তুক ইষ্টানবুলৰ ইন্টাৰনেচনেল বক্সিং এছোচিয়েচনৰ এলিট বিশ্ব বক্সিং আৰু চীনৰ এছিয়ান গেমছত অংশগ্ৰহণ নকৰে মেৰী কমে। নতুন দিল্লীত চলি থকা বিশ্ব বক্সিঙৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত মেৰী কমে অংশ লোৱা নাই। এইক্ষেত্ৰত মেৰী কমে কয়- "মই উদীয়মান খেলুৱৈসকলৰ বাট মুকলি কৰি দিয়াৰ বাবেই বিশ্ব বক্সিং আৰু এছিয়ান গেমছত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছোঁ।" দেশৰ সন্মানীয় খেলুৱৈগৰাকীৰ এই মহানুভৱতাক ক্ৰীড়া প্ৰেমীয়ে প্ৰশংসা কৰিছে। মহিলা বিশ্ব বক্সিং আৰু এছিয়ান গেমছৰ পৰিৱৰ্তে মেৰী কমে বাৰ্মিংহামত অনুষ্ঠিত হ'বলগীয়া সন্মানীয় কমনৱেলথ গেমছৰ বাবে বেছিকৈ প্ৰস্তুতি চলাই আছে। ২৮ জুলাইৰ পৰা বাৰ্মিংহামত অনুষ্ঠিত হ'ব কমনৱেলথ গেমছ। নতুন প্ৰজম্মৰ বাবে আদৰ্শ হৈ থাকক মেৰী কম।
No comments:
Post a Comment