শিশুসকলৰ অভিনয়ৰে ৰবীন্দ্ৰভৱনত মঞ্চস্থ হ’ল “কনকলতা বৰুৱা” - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 5 March 2022

শিশুসকলৰ অভিনয়ৰে ৰবীন্দ্ৰভৱনত মঞ্চস্থ হ’ল “কনকলতা বৰুৱা”

 





W7s News ষ্টাফৰিপোৰ্টাৰ :  ৰবীন্দ্ৰভৱনত শনিবাৰে  সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়,নতুন দিল্লীৰ সহযোগত গুৱাহাটী শিশু নাট্য বিদ্যালয়ে   পৰিবেশন কৰে নাট্যকাৰ জিতেন শৰ্মা ৰচিত আৰু মানিক ৰয় পৰিচালিত নাটক “কনকলতা বৰুৱা”৷

প্ৰণিধানযোগ্য যে ভাৰত চৰকাৰে দেশৰ স্বাধীনতা লাভৰ হীৰক জয়ন্তী উপলক্ষে সমগ্ৰ দেশতে “আজাদী কা অমৃত মহোৎসৱ”পালন কাৰ্যসূচীৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়,নতুন দিল্লীয়ে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ সহযোগত শিশুসকলৰ বাবে ত্ৰিশ দিনীয়া প্ৰযোজনা ভিত্তিক আয়োজন কৰা  শিশু নাট কৰ্মশালাখন যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল আৰু এই নাট কৰ্মশালাৰ অন্তত   ৫ মাৰ্চৰ সন্ধিয়া মঞ্চস্থ হোৱা "কনকলতা বৰুৱা" নাটকখনে দৰ্শকৰ সঁহাৰি লাভ কৰে৷উক্ত নাটসন্ধিয়াটি উদ্বোধন কৰে  অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ  বৰ্তমানৰ সঞ্চালক এ চি এছ ডা° দেৱজিৎ খনিকৰে৷লগতে উপস্থিত থাকে গুৱাহাটীৰ শিশু নাট্য বিদ্যালয়ৰ সভাপতি দিলীপ কুমাৰ বৰা,নিউ আৰ্ট প্লেয়াৰ্চৰ ৰথীন্দ্ৰ ভট্টাচাৰ্য আদি৷ উল্লেখ্য যে উক্ত কৰ্মশালাৰ  উদ্দেশ্য আছিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খ্যাত  নোহোৱা স্বাধীনতা সংগ্ৰামীৰ বিষয়ে নাটকৰ মাধ্যমৰে শিশুসকলক অৱগত কৰোৱা৷এই উদ্দেশ্য আগত ৰাখি গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ সাধাৰণ সম্পাদক তথা নাট্যকাৰ, পৰিচালক -অভিনেতা মানিক ৰয়ৰ পৰিকল্পনাৰে  ৰবীন্দ্ৰভৱনৰ প্ৰেক্ষাগৃহত শনিবাৰৰ  সন্ধিয়া   “কনকলতা বৰুৱা”শীৰ্ষক নাটকখন  বৰ্তমানে প্ৰযোজ্য ক’ভিড বিধি মানি শিশুসকলৰ দ্বাৰা পৰিৱেশন কৰা হয়৷নাটকখনত অভিনয় কৰিবলৈ লৈ কৰ্মশালাৰ জৰিয়তে শিশুসকলে কনকলতা বৰুৱাৰ বিষয়ে আগেয়ে নজনা বহুকথা বিস্তৃতভাৱে জানিবলৈ পায়৷নাটখনৰ সংগীত পৰিচালনা গুণীন শৰ্মাৰ৷সহঃ পৰিচালনা লুহিত বৰুৱা আৰু অঞ্জন ভূঞাৰ৷নাটখনৰ কনকলতাৰ চৰিত্ৰত অভিনয় কৰে মঞ্জিষ্ণা মঞ্জুুৰি বায়ন আৰু দৃষ্টিপ্ৰিয়া গগৈয়ে৷আন আন চৰিত্ৰত শিশু শিল্পী প্ৰতীক্ষা কলিতা,মৃগাংক ৰাজ ৰয়,হৃতৃষ্ণা দাস,ধনজিৎ ৰাজবংশী,মাধুৰ্য্য ডেকা,উপাঙ্গনা বৰুৱা,স্নেহা বেগম,নিশান্ত বিক্ৰম শৰ্মা,অনিন্দিতা বৰ্মন,ফাহমিদা জাহিন,দিপাঞ্জু শৰ্মা,তন্ময় দেউৰী,সমীৰণ দাস,আফতাব আহমেদ,মানসজ্যোতি দাস,ধীৰ কছাৰী,ধৃতিক ৰাজ ডেকা,হিমঘ্ন ৰাজখোৱা,তুষাৰ মহেশ্বৰী,ওম কাশ্যপ,গতিক কাশ্যপ আদিয়ে অভিনয় কৰে৷নাটখনৰ আলোক সম্পাত আছিল  দিম্পল দাসৰ,শিৱম শইকীয়াৰ মঞ্চসজ্জা,তিব্ৰজ্যোতি বৈৰাগীৰ ৰপসজ্জা,ৰশ্মিৰেখা শৰ্মাৰ সাজসজ্জাৰ নাটখনৰ প্ৰযোজনা নিয়ন্ত্ৰক আছিল প্ৰদীপ ৰয়৷সমন্বয়ক হিচাপে আছিল ৰুণুমী দেৱী৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here