W7s news ষ্টাফৰিপোৰ্টাৰ ঃ অসমৰ ঐতিহ্যমণ্ডিত পূব-গুৱাহাটী বিহু সন্মিলনৰ এখন কার্যনির্বাহক সভা ৰবিবাৰে সন্ধিয়া ৬-৩০ বজাত পূব-গুৱাহাটী বিহু সন্মিলনৰ চানমাৰিস্থিত স্থায়ী কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হ'ব। উক্ত সভাত আগন্তক ৰঙালী বিহু উদযাপনৰ সকলো দিশ পর্যালোচনা কৰা হ'ব। সেয়েহে ৬১ সংখ্যক সন্মিলনৰ সভাপতি বিপুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই পূব-গুৱাহাটী বিহু সন্মিলনৰ সমূহ কাৰ্যনিৰ্বাহক সদস্য আৰু শাখা সমিতিৰ সভাপতি আৰু সম্পাদকক উক্ত সভাত উপস্থিত থাকিবলৈ আহ্বান জনাইছে।
No comments:
Post a Comment