W7s news ষ্টাফৰিপোৰ্টাৰ : প্ৰথিতযশা লেখিকা অৰূপা পটংগীয়া কলিতাৰ নৱতম উপন্যাস জছনাৰ ঝিটাছ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক অনুষ্ঠানত উন্মোচন কৰা হয়। চাহ বাগিচাৰ স্বাধীনতা সংগ্ৰামী মহিলা দুৰ্গী ভূমিজৰ দুখ-দুৰ্দশা ভৰা জীৱনৰ আলমত ৰচিত এই বহুমাত্ৰিক উপন্যাস উন্মোচন কৰে প্ৰখ্যাত লেখিকা নিৰুপমা বৰগোহায়ে। অসুস্থতাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাৰ বাবে তেওঁ বাসগৃ্হৰ পৰাই উপন্যাস উন্মোচন কৰি চমুকৈ দু-আষাৰ কয়। অৰূপা পটংগীয়া কলিতাৰ দৰে এগৰাকী প্ৰসিদ্ধ লেখিকাৰ কিতাপ উম্নোচন কৰিবলৈ পাই পৰম সুখী বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত ভাষণ দি সুখ্যাত লেখক দিগন্ত ওজাই অৰূপা পটংগীয়া কলিতাৰ উপন্যাসৰ বিষয়ে চমুকৈ আলোকপাত কৰে। কলিতাৰ সৃষ্টিৰ চুম্বকীয় সন্মোহনৰ এটা কাৰণ তেওৰ গল্প-উপন্যাসত অকথিত জীৱনৰ কঠিন কাহিনী-বৰ্ণনত প্ৰায়েই ফুটি উঠা কাব্যিকতা বুলি উল্লেখ কৰি ওজাই কয় যে জছনাৰ ঝিটাছৰ ভাষাৰ কাব্যিকতাই পঢুৱৈক তন্ময় কৰি তোলে ।'ভাষাৰ এই সুষমাই তেওঁৰ সৃষ্টিক প্ৰাণৱন্ত কৰিছে সঁচা, কিন্তু অৰূপা পটংগীয়া কলিতাৰ গল্প-উপন্যাসৰ আকৰ্ষণৰ ঘাই কাৰণ তেওঁৰ সামাজিক, বা অধিক স্পষ্টকৈ ৰাজনৈতিক অৱস্থান,” তেও কয়। তেওঁৰ প্ৰায়বোৰ গল্প-উপন্যাসৰ বিষয়বস্তু অধ্যয়ন-আধাৰিত, অথচ তথ্যৰ বিৰক্তিকৰ উল্লেখৰ পৰা মুক্ত, কোনো ৰচনাৰ আৰম্ভণিত আকৰ্ষণৰ মায়াজাল নাই— কিন্তু পঢ়ুৱৈৰ বাবে আছে অনায়াস যাত্ৰা আৰু বিচৰণৰ পাৰপত্ৰ ৷ এই বৈশিষ্ট্যবোৰ হয়তো সম্ভৱ হৈছে সময়-সমাজ, বিষয়-পঢুৱৈৰ প্ৰতি লেখিকাৰ সমান্তৰাল সংবেদনশীলতাৰ বাবে” ওজাই লগতে কয়।
লেখক-সমাজ কৰ্মী পৰেশ মালাকাৰে তেওৰ ভাষণত উপন্যাসৰখনৰ চমৎকাৰ ভাষা আৰু কথনশৈলীৰ বিষয়ে উল্লেখ কৰে। তৰুণ লেখক আবিদ আজাদে উপন্যাসখনৰ আৰৰ কাহিনী আৰু পটভূমিৰ বিষয়ে কয়। জছনাৰ ঝিটাছ (জোনাকৰ চিটিকনি) নামৰ উপন্যাসখন লিখাৰ বাবে যথেষ্ট কষ্ট কৰিব লগীয়া হৈছিল বুলি উল্লেখ কৰি লেখিকা কলিতাই কয় যে দুৰ্গী ভূমিজৰ বিষয়ে তথ্য বিচাৰি হাবাথুৰি খাব লগীয়া হৈছিল। উপন্যাসৰখন কাহিনীটো আগুৱাই নিওতে তেও লোকগাথা , পুৰাকথাৰ সহায় লোৱা বুলি তেও কয়। উপন্যাসখনত কিছু শৰীৰী বৰ্ণনা আছে বুলি উল্লেখ কৰি কলিতাই কয় যে দুৰ্গী প্ৰতি চাহাবৰ যি আকৰ্ষণ সেয়া শাৰিৰীক আছিল বুলি তেও কয়। দুৰ্গীৰ প্ৰতি চাহাবৰ কোনো মনৰ সম্পৰ্ক নাছিল, তেওঁ কয়। লেখক প্ৰদীপ্ত বৰগোহায়ে সমাজৰ বঞ্চিত, লাঞ্চিত মানুহৰ প্ৰতি অৰূপা পটংগীয়া কলিতাৰ লেখাত সহমৰ্মিতা ফুটি উঠে বুলি উল্লেখ কৰে। স্তুতি গোস্বামীয়ে আত ধৰা অনুষ্ঠানটোত লেখক বিৰিঞ্চি কুমাৰ দাস, পৱ্ন কুমাৰ চহৰীয়াইও লেখিকা কলিতাৰ সৃষ্টিৰ বিষয়ে চমুকৈ কয়। অনুষ্ঠানত সদৌ অসম ভুমিজ সমাজে লেখিকাক সম্বৰ্ধনা জনায়।
No comments:
Post a Comment