বিৰুৱাৰী জোনাকপুৰ জনকল্যাণ সমিতিৰ ধৰ্ণা কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 6 March 2022

বিৰুৱাৰী জোনাকপুৰ জনকল্যাণ সমিতিৰ ধৰ্ণা কাৰ্যসূচী

 




W7s news ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ বিৰুৱাৰী  জোনাকপুৰ জনকল্যাণ সমিতিৰ উদ্যোগত দেওবাৰে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয়। মূল জোনাক উদয় পথৰ লগত  জোনাকপুৰ পথৰ সংগমস্থলত শতাধিক স্থানীয় ৰাইজৰ উপস্থিতিৰে চৰকাৰ আৰু বিভাগীয় কর্তৃপক্ষৰ বিৰুদ্ধে ধৰ্ণা  কাৰ্যসূচীৰে প্রতিবাদ সাব্যস্ত কৰা হয়। এই স্থলত বিশেষকৈ পথৰ আশোৱাহযুক্ত নলা,  গলিৰ পৰা থিয় ঢাল আৰু দুয়োচুকত থকা তীব্র ভাজে কৃত্ৰিম বানপানী আৰু দুর্ঘটনাৰ  স্থানলৈ পতিত কৰিছে ৷ প্রায় ছটা বিভাগলৈ লিখিতভাবে যোগাযোগ কৰাৰ পাছতো চৰকাৰৰ পৰা কোনো গুরুত্ব নিদিয়াত ৰাইজে ক্ষোভ প্রকাশ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে বিৰুৱাৰী  জোনাকপুৰ জনকল্যাণ সমিতিৰ সভাপতি দেবেন চন্দ্র কলিতা আৰু সম্পাদক

খগেন নাথে কয় -লোক নিৰ্মাণ বিভাগৰ দ্বাৰা সদ্য নিৰ্মিত জোনাক-উদয়পথত জোনাকপুৰ পথটো যি ঠাইত সংলগ্ন হৈছে সেই ঠাইত নিৰ্মাণত যথেষ্ট বিসংগতি হৈছে বুলি ৰাইজে অনুভৱ কৰিছে। এই সন্দৰ্ভত আমি লোক নিৰ্মাণ (পথ) ৰ মুখ্য অভিযন্তা, মুখ্যমন্ত্ৰীৰ সহায়ক, বিশেষ সক্ষমতাৰ ৰাজ্যিক আয়ুক্ত, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ আয়ুক্ত, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলা উপাযুক্তক এনে অভিযোগ দৰ্শাই আবেদন কৰিছিলোঁ যদিও বিগত দুমাহ ধৰি কোনো সু-ফল লাভ নকৰিলো। সেয়ে আমি আজি প্রতিবাদী কার্যসূচী গ্ৰহণ কৰোঁ।

এই প্ৰতিবাদৰ  মাধ্যমেৰে পথৰ বিসংগতি দূৰ কৰিবলৈ স্থানীয় ৰাইজে পুনৰ দাবী জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here