চলচিত্ৰখন উপভোগ কৰি মুগ্ধ হার্টথ্র’ব জুবিন গাৰ্গ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ দীঘলীয়া বিৰতিৰ পিছত অসমৰ ছবিগৃহলৈ আহিল অসমীয়া কমেডী ছবি ‘ৰাইনো এক্সপ্ৰেছ'। ৪ মাৰ্চত মুক্তি লাভ কৰা এই ‘ৰাইনো এক্সপ্ৰেছ' অসমৰ সকলো ছবিগৃহতে চলি আছে। 'ৰাইনো এক্সপ্ৰেছ’ দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে আৰু অসমীয়া ছলচ্চিত্ৰ উদ্যোগলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। গুৱাহাটীৰ খ্ৰীষ্টান বস্তিত থকা চিটি চেণ্টাৰৰ পিভিআৰত যুৱ-প্ৰজন্মৰ হাৰ্টথ্র’ব জুবিন গাৰ্গে উপভোগ কৰিলে ‘ৰাইনো এক্সপ্ৰেছ’। অসমীয়া কমেডী ছবিখন চাই জুবিন গাৰ্গ মুগ্ধ হৈ পৰে আৰু তেওঁ কয় যে, ‘ৰাইনো এক্সপ্ৰেছ’ৰ প্ৰতিটো দৃশ্য আৰু সংলাপ সুন্দৰ হৈছে আৰু পৰিয়ালৰ সকলো সদস্য একেলগে বহিচাব পৰা এক পৰিৱেশ সৃষ্টি কৰিছে। জুবিন গাৰ্গে সকলো অসমবাসী ৰাইজক ‘ৰাইনো এক্সপ্ৰেছ’ক সঁহাৰি জনাবলৈ আৰু উপভোগ কৰিবলৈ আহ্বান জনায়। গায়ক জুবিন গাৰ্গে অসমৰ জনসাধাৰণক আহ্বান জনাই কয় যে, ‘সকলো ৰাইজ ওলাই আহঁক, দৌৰি দৌৰি আহঁক আৰু অসমীয়া ছবি চাওঁক। তেওঁ আৰু কয় যে কৰোনা মহামাৰীৰ বাবে যোৱা দুবছৰ ধৰি অসমীয়া চলচ্চিত্র সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। কিন্তু ‘ৰাইনো এক্সপ্ৰেছ’ৰ মুক্তিৰ লগে লগে এক নতুন শক্তি লাভ কৰিছে সকলোৱে। এই উপলক্ষে ছবিখনৰ অভিনেতা বিবেক বৰাকে ধৰি আন লোকসকলো জুবিনৰ সৈতে উপস্থিত থাকে। যোৱা ৪ মাৰ্চত ‘ৰাইনো এক্সপ্ৰেছ’ সমগ্ৰ অসমৰ ৪০খনতকৈও অধিক ছবিগৃহত মুক্তি লাভ কৰে। যোৰহাটৰ ইনস্কত ‘ৰাইনো এক্সপ্ৰেছ'ৰ হাউচফুল হৈছে। 'ৰাইনো এক্সপ্ৰেছ’ উপভোগ কৰি সকলো দৰ্শকে আপ্লুত হৈছে আৰু এই ছবিখন শ্ৰেষ্ঠ ছবি বুলি প্ৰশংসা কৰিছে। একাংশ দৰ্শকে কয় যে, দীঘলীয়া বিৰতিৰ অন্তত তেওঁলোকে ‘ৰাইনো এক্সপ্ৰেছ’ৰ ৰূপত এখন ভাল অসমীয়া কমেডী ছবি উপভোগ কৰিবলৈ সুযোগ লাভ কৰিছে। সম্পূৰ্ণ বলীউডৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই ছবিখন। চলচ্চিত্র নির্মাতা অজয় বার্মাকে ধৰি গোটেই দলটোৱে ‘ৰাইনো এক্সপ্ৰেছ’ ছবিখনক দৰ্শকে দিয়া সহাৰিৰ বাবে আচৰিত হৈছে। চলচ্চিত্ৰখনৰ পৰিচালক মণি সিনহাই কয় যে, এই ছবিখন চোৱাৰ পিছত মানুহে কেৱল আনক ছবিখন চাবলৈ কোৱাই নহয়, বৰঞ্চ তেওঁ নিজেই পুনৰ 'ৰাইনো এক্সপ্ৰেছ’ চাবলৈ চিনেমা হলত উপস্থিত হ'ব। সামগ্ৰীকভাৱে, ই এখন ডাঙৰ বাজেটৰ চলচ্চিত্ৰ, যি ৰাজ্যখনৰ জনসাধাৰণৰ অভাৱ পূৰণ কৰিবলৈ সক্ষম ।
No comments:
Post a Comment