পূৱ-গুৱাহাটী বিহু সন্মিলনৰ ৬১ সংখ্যক বিহু সমাৰোহৰ লাইখুঁটা স্থাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 27 March 2022

পূৱ-গুৱাহাটী বিহু সন্মিলনৰ ৬১ সংখ্যক বিহু সমাৰোহৰ লাইখুঁটা স্থাপন

 




W7s News ষ্টাফৰিপোৰ্টাৰ:  পূৱ-গুৱাহাটী বিহু সন্মিলনৰ ৬১ সংখ্যক বিহু সমাৰোহৰ 

 লাইখুঁটা দেওবাৰে স্থাপন কৰা হয়। অসম অভিযান্ত্ৰিক প্ৰতিস্থানৰ খেলপথাৰত অনুষ্ঠিত লাইখুঁটা স্থাপন অনুষ্ঠানত সন্মিলনৰ উপদেষ্টা মৃদুল বেজবৰাই লাইখুঁটা স্থাপন কৰে। এই উপলক্ষে অনুষ্ঠিত সভাখন পৌৰোহিত্য কৰে পূব-গুৱাহাটী বিহু সন্মিলনৰ সভাপতি বিপুল তালুকদাৰে। সন্মিলনৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সন্মিলনৰ উপদেষ্টা তথা লাইখুঁটা স্থাপক মৃদুল বেজবৰাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ভাষণ প্ৰসংগত সন্মিলনৰ উপদেষ্টা মৃদুল বেজবৰাই কয়- ৬১ সংখ্যক পূব-গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰি আনন্দিত হৈছোঁ। প্ৰধান খুঁটা মজবুত কৰি স্থাপন কৰিলোঁ।  বিহু সম্বন্বয়ৰ প্ৰতীক। আমি বিহুক লৈ গৌৰৱ কৰিব লাগে। পূৱ-গুৱাহাটী বিহু সন্মিলনৰ 

৬১ সংখ্যক বিহু সমাৰোহৰ সফলতা কামনা কৰিলোঁ।'

সভাত সন্মিলনৰ প্ৰধান উপদেষ্টা সঞ্জীৱ কুমাৰ লহকৰ,ৰঞ্জন বৰা, বসন্ত দাস আদি উপস্থিত থাকে। সভাৰ আৰম্ভণিতে বিহু নৃত্য পৰিৱেশন কৰাৰ লগতে সভাৰ পাছত কেইবাজনো শিল্পীয়ে গীত-মাত পৰিবেশন কৰে।  সন্মিলনৰ প্ৰচাৰ সভাপতি অভিজিৎ বৰুৱা, সম্পাদক চন্দন গোস্বামীয়ে ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া ৬১ সংখ্যক বিহু সমাৰোহত সকলোৰে উপস্থিতি কামনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here