ধৰ্মঘটৰ অধিকাৰ কৰ্তন কৰিব বিচৰা চৰকাৰী ষড়যন্ত্ৰ বন্ধ কৰক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 27 March 2022

ধৰ্মঘটৰ অধিকাৰ কৰ্তন কৰিব বিচৰা চৰকাৰী ষড়যন্ত্ৰ বন্ধ কৰক

 

অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা


W7s News ষ্টাফৰিপোৰ্টাৰ: দেশৰ ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহে ২৮ আৰু  ২৯ মাৰ্চত আহবান জনোৱা দেশজোৰা সাধাৰণ ধৰ্মঘটত অল ইণ্ডিয়া ফেডাৰেচন অৱ অঙ্গনৱাড়ী ওৱাৰ্কাৰ্চ এণ্ড হেল্পাৰ এচোচিয়েচনেও অংশ লব। অসমত অসম ৰাজ্যিক অঙ্গনৱাড়ী কম¹ সহায়িকা সন্থা সৰ্বভাৰতীয় ফেডাৰেচনৰ অংশ হিচাপে এই ধৰ্মঘটৰ সম্পুৰ্ণ প্ৰস্তুতি চলাইছে। শ্ৰম আইন অনুসৰি  ১০ মাৰ্চত সন্থাই বিভাগীয় কৰ্তৃপক্ষক ধৰ্মঘটৰ জাননী প্ৰদান কৰিছে। ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহে কৰা দাবীৰ উপৰিও অঙ্গনৱাড়ী কৰ্মী-সহায়িকাসকলক মাননিৰ সলনি মজুৰি প্ৰদান কৰা, আই চি ডি এছত চৰকাৰী বাজেট বৃদ্ধি কৰা আৰু আই চি ডি এছ ৰক্ষা কৰা আদি দাবীবোৰৰ ভিত্তিত দেশৰ অঙ্গনৱাড়ী কৰ্মী-সহায়িকাসকলে উক্ত দুদিন ধৰ্মঘট পালন কৰিব। অতি আচয্যজনকভাৱে অসমৰ সমাজ কল্যাণ বিভাগে  ২২ মাৰ্চত কৰ্মী-সহায়িকাসকলক ধৰ্মঘট উঠাই লোৱাৰ বাবে জাননী জাৰি কৰিছে। এই সম্বন্ধত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই চৰকাৰক ধিক্কাৰ জনায়। সন্থাৰ সভাপতি

জয়মতী দাস আৰু সম্পাদক  ইন্দিৰা নেৱাৰে এই সম্পৰ্কে কয় -                                       অসমৰ বিজেপি চৰকাৰখনে শ্ৰমিকৰ ধৰ্মঘটৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে। যি সমাজ কল্যাণ বিভাগে কৰ্মী সহায়িকা সকলক দীৰ্ঘদিন ধৰি লক্ষ্যাধিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাক দিনে ৰাতি কামত খতুৱাই সামান্য মাননি প্ৰদান কৰি আছে, আজিলৈ কোনো ধৰণৰ সামাজিক সুৰক্ষা প্ৰদান কৰা নাই, কৰ্মী-সহায়িকাসকলৰ নাই কোনো পেঞ্চনৰ সুবিধা, নাই কোনো চিকিৎসা, কোনো প্ৰভিডেণ্ট ফাণ্ডৰ সুবিধা। সেই সমাজ কল্যাণ বিভাগে আজি কৰ্মী-সহায়িকাসকলক ধৰ্মঘট বাতিল কৰাৰ বাবে হেচা প্ৰয়োগ কৰিবলৈ জাননী জাৰি কৰিছে যদিও সমাজ কল্যাণ বিভাগে আজিলৈকে সন্থাৰ ন্যায্যদাবীবোৰ পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সন্থাই কয় যে দেশৰ প্ৰচলিত শ্ৰম আইনৰ মাধ্যমত কামকৰা মানুহে মজুৰি পোৱা নিয়ম। কিন্তু বৰ্তমানলৈ কিয় এই চৰকাৰে কৰ্মী-সহায়িকাসকলক মজুৰি প্ৰদান কৰিব পৰা নাই· চৰকাৰে ইয়াৰ উত্তৰ শীঘ্ৰে দিয়ক। যদি কৰ্মী-সহায়িকাৰ ন্যায্য দাবীবোৰ চৰকাৰে মানি লয় সন্থাই ধৰ্মঘট উঠাই লব। তাকে নকৰি ধৰ্মঘট বন্ধ কৰাৰ ভাবুকি সন্থাই কেতিয়াও মানি লব নোৱাৰে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here