২৮ আৰু ২৯ মাৰ্চ দেশজুৰি সাধাৰণ ধৰ্মঘৰ প্ৰতি বিদ্যুৎ কৰ্মচাৰীৰ পূৰ্ণ সমৰ্থন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 March 2022

২৮ আৰু ২৯ মাৰ্চ দেশজুৰি সাধাৰণ ধৰ্মঘৰ প্ৰতি বিদ্যুৎ কৰ্মচাৰীৰ পূৰ্ণ সমৰ্থন

 




W7s news ষ্টাফৰিপোৰ্টাৰ:বিদ্যুৎ  সংশোধনী বিধেয়ক-২০২১বাতিল , ৰাষ্ট্ৰীয় খণ্ডৰ ব্যক্তিগত কৰণ বন্ধ কৰা, শ্ৰম সংহিতা বাতিল কৰা, জাতীয়  মুদ্ৰাকৰণ পাইপ লাইন নীতি বাতিল কৰা,পুৰণি পেঞ্চন নীতি বাহাল কৰা, অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, বিদ্যুৎ চাব-ষ্টেচন আউটচোছিংৰ বন্ধ কৰা সহ অন্যান্য দাবীত দহ খন কেন্দ্ৰীয় ইউনিয়ন আৰু ৪০খন ওপৰিও কৰ্মচাৰীৰ জাতীয় ফেডাৰেচন সমূহৰ আহ্বানত কেন্দ্ৰীয় চৰকাৰৰ জনস্বাৰ্থ বিৰোধী, জাতীয় স্বাৰ্থৰ পৰিপন্থী নীতিৰ বিৰুদ্ধে অগন্তক ২৮-২৯ মাৰ্চ দেশজুৰি দুদিনীয়া  সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে । বিদ্যুৎ কৰ্মচাৰীৰ আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিয়ে এই ধৰ্মঘট পূৰ্ণ  সমৰ্থন  জনোৱাৰ লগতে সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিবলৈ সৰ্ববসম্মত  সিন্ধান্ত গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতয়ে দেশজুৰি সাধাৰণ ধৰ্মঘট পালন কৰিবলৈ  ইয়াৰ  অংশীদাৰ শ্ৰমিক সংগঠন  সমুহে  ধৰ্মঘটত সক্ৰিয় ভাৱে  অংশ গ্ৰহণৰ কৰাৰ লগতে অনান্য  বিষয়া-কৰ্মচাৰীৰ সংগঠন সমুহে এই দুদিনত কাৰ্যালয়ৰ সম্মুখত ব্যাপক প্ৰতিবাদী বিক্ষোভ কাৰ্য্যসূচীৰ জৰিযতে কৰ্মবিৰতি পালন কৰিবলৈ সিন্ধান্ত গ্ৰহণ কৰে। কো-অৰ্ডিনেছন কমিটি অৱ ইলেক্ট্ৰিচিটী এমপ্লইজ ইঞ্জিনিয়াৰৰ্চ এণ্ড পেঞ্চনাৰ্চে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয় ৰক্ষীৰ  সিন্ধান্ত অসমত সফল ৰূপায়ণ কৰিবলৈ দায়বদ্ধ। সেয়ে কো-অৰ্ডিনেছন কমিটি অৱ ইলেক্ট্ৰিচিটী এমপ্লইজ ইঞ্জিনিয়াৰৰ্চ এণ্ড পেঞ্চনাৰ্চযে বিদ্যুৎ কৰ্মচাৰীৰ আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ  নিৰ্দেশত ৰাজ্যৰ আৰু সংগঠনৰ সবিশেষ পৰিস্থিতি পৰ্যালোচনা কৰি  সাধাৰণ ধৰ্মঘট সমৰ্থনত অগন্তক ২৮ আৰু ২৯ মাৰ্চ পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ মূখ্য কাৰ্যালয় বিজুলী ভৱনেকে ধৰি নিজৰ নিজৰ কাৰ্য্যালয় সম্মুখত ব্যাপক প্ৰতিবাদী বিক্ষোভ কাৰ্য্যসূচীৰ জৰিযতে সকলো বিষয়া-কৰ্মচাৰীৰ কৰ্মবিৰতি পালন কৰিবলৈ সিন্ধান্ত গ্ৰহণ কৰে।লগতে

 সাধাৰণ নাগৰিকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুতৰ যোগান অব্যাহত ৰাখিবলৈ উৎপাদন কেন্দ্ৰ, কন্ট্ৰোলৰুম,চিফ্ট ডিউটি আৰু ৰাজহ সংগ্ৰহৰ জৰিত কৰ্মচাৰী সকলক এই কাৰ্যসূচীৰ পৰা ৰেহাই 

দিয়া হৈছে।

 অসমতো  ২৮-২৯ মাৰ্চ তাৰিখৰ সাধাৰণ ধৰ্মঘট সফল কৰাৰ লগতে  অহা দিনত সাধাৰণ নাগৰিকৰ বিদ্যুতৰ মৌলিক অধিকাৰ ৰক্ষাৰ লগতে ৰাজ্যৰ  ৰাজহুৱা বিদ্যুৎ খন্ডৰ ৰক্ষাৰ কাৰণে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ আহ্বান জনাই কো-অৰ্ডিনেছন কমিটি অৱ ইলেক্ট্ৰিচিটী এমপ্লইজ ,ইঞ্জিনিয়াৰৰ্চ এন্ড পেঞ্চনাৰ্চৰ যুটিযা আহ্বায়ক দীপক কুমাৰ সাহা, প্ৰমোদ চন্দ্ৰ দাস আৰু অমিত কৰে 

জানিবলৈ দিয়ে।


.

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here