হেলথ্ চিটী হাস্পতালত এমহীয়া শিশুৰ ৫০০ গ্রাম ওজনৰ টিউমাৰৰ অস্ত্ৰোপচাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 4 March 2022

হেলথ্ চিটী হাস্পতালত এমহীয়া শিশুৰ ৫০০ গ্রাম ওজনৰ টিউমাৰৰ অস্ত্ৰোপচাৰ

 




W7s News ষ্টাফৰিপোৰ্টাৰ:  এমহীয়া কন্যা শিশু এজনীৰ শৰীৰৰ নিম্নাংশত জন্মগতভাৱে হোৱা ৫০০ গ্রাম ওজনৰ, মূৰৰ আকৃতিৰ এটা টিউমাৰ সফল অস্ত্রোপচাৰ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ হেলথ্ চিটী হাস্পতালৰ শল্য চিকিৎসকৰ দলে। বিশিষ্ট স্নায়ুশল‍্য ৰোগ বিশেষজ্ঞ ডাঃ এন কে দাসৰ নেতৃত্বত গঠিত নিউৰ-অংক'লজি শল্য চিকিৎসকৰ দলে ৩ ঘণ্টা সময় ধৰি চলোৱা অস্ত্রোপচাৰৰ অন্তত বিশাল আকৃতিৰ টিউমাৰটো শিশুটিৰ কোনো ক্ষতি নোহোৱাকৈ আঁতৰাবলৈ সক্ষম হয়। উত্তৰ-পূর্বাঞ্চলত কোনো শিশুৰ দেহৰ ৩০ শতাংশ ওজনৰ টিউমাৰৰ এয়াই প্রথম সফল অস্ত্রোপচাৰ। শুকুৰবাৰে এই তথ্য সদৰী কৰিছে হেলথ্ চিটী হাস্পতালৰ ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই। আনহাতে দেহৰ ৩০ শতাংশ ওজনৰ টিউমাৰ আঁতৰোৱা অস্ত্রোপচাৰক প্ৰত্যাহ্বানমূলক বুলি মন্তব্য কৰিছে স্নায়ু শল্য চিকিৎসক ডাঃ এন কে দাসে। তেওঁ কয়ঃ দেখাত ‘দ্বিতীয় মূৰ'ৰ দৰে টিউমাৰটো হৈছিল কন্যা শিশুটিৰ যৌনাংগ আৰু মল-মূত্র ত্যাগ কৰা অংগৰ সমীপত। গতিকে টিউমাৰটো আঁতৰাই দিয়াৰ ফলত তেওঁৰ যৌনাংগ, পায়ু, মলদ্বাৰ আদিৰ স্থায়ীভাবে ক্ষতি হোৱাৰ সম্ভাবনা আছিল। ইমানেই নহয় তেওঁৰ হেম'ডাইনেমিক পৰিৱৰ্তনৰ লগতে হৃদযন্ত্র বিকল হোৱাৰো সম্ভাবনা আছিল। সেয়ে অস্ত্রোপচাৰৰ পূর্বে মাতৃ দুগ্ধ পান কৰাই শিশুটিক স্বাস্থ্যবান কৰি তুলিবলৈ অভিভাৱকক পৰামৰ্শ দিয়া হয়। অৱশেষত ৩ মার্চত শিশুটিক ভর্তি কৰোৱা হয় আৰু কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ টিউমাৰটো অস্ত্ৰোপচাৰ কৰি ওচাই দিয়া হয়। উল্লেখ্য, এই জটিল অস্ত্রোপচাৰত ডাঃ এন কে দাসক সহযোগিতা আগবঢ়ায় কর্কট শল্য চিকিৎসা বিশেষজ্ঞ ডাঃ নিজু পেগু, এনাস্থেচিয়া বিশেষজ্ঞ ডাঃ সংকট এম বৰা আৰু ডাঃ মৰমী মাধুৰী বৰগোঁহায়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here