বিশ্বৰ অগণন অনুৰাগীক শোকস্তব্ধ কৰি আচম্বিতে বিদায় মাগিলে বিশ্ব ক্ৰিকেটৰ এজন মহানায়ক শ্বেন ৱাৰ্নে - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Friday, 4 March 2022

demo-image

বিশ্বৰ অগণন অনুৰাগীক শোকস্তব্ধ কৰি আচম্বিতে বিদায় মাগিলে বিশ্ব ক্ৰিকেটৰ এজন মহানায়ক শ্বেন ৱাৰ্নে

Responsive Ads Here

 

.com/img/a/


W7s News নিউজ ডেস্ক: 

মহান ক্ৰিকেটাৰ ৰডনী মাৰ্শ্বৰ মৃত্যুত শোক প্ৰকাশ কৰি পুৱা শ্বেন ৱাৰ্নে টুইটাৰত লিখিছিল- "ৰডনী মাৰ্শ্বৰ মৃত্যুৰ খবৰে ব্যথিত কৰিছে।  তেওঁ এই খেলৰ এগৰাকী মহান তাৰকা আৰু যুৱ চামৰ বাবে অনুপ্ৰেৰণাৰ উৎস। ক্ৰিকেটৰ প্ৰতি সম্পূৰ্ণ সমৰ্পিত  তেওঁ অষ্ট্ৰেলিয়াৰ লগতে ইংলেণ্ড ক্ৰিকেটক অনবদ্য অৱদান আগবঢ়াই গ'ল। তেওঁলৈ অশেষ স্নেহ আৰু পৰিয়াললৈ সমবেদনা যাচিছোঁ। চিৰশান্তিত থাকক সতীৰ্থ। "  পুৱা সতীৰ্থৰ মৃত্যুত এনেদৰে শোক প্ৰকাশ কৰা মানুহজনৰো বিয়লিলৈ মৃত্যুৰ বতৰা আহিব- এয়া কেনেকৈ সম্ভৱ। কিন্তু জীৱন আৰু মৃত্যু যে ক্ষণ এটাৰ ইফাল সিফাল।  তেনেই সহজ মৃত্যু। বিশ্বৰ অগণন অনুৰাগীক শোকস্তব্ধ কৰি আচম্বিতে বিদায় মাগিলে বিশ্ব ক্ৰিকেটৰ এজন মহানায়ক শ্বেন ৱাৰ্নে। Fox News য়ে প্ৰকাশ কৰা মতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ স্পীনাৰ ৱাৰ্ণে। মাত্ৰ ৫২ বছৰ বয়সতে চিৰবিদায় লয় মহান খেলুৱৈ গৰাকীয়ে।  ৱাৰ্ণৰ মেনেজমেন্টে এটা বিবৃতিত কোৱা মতে মহান খেলুৱৈ গৰাকীৰ মৃত্যু থাইলেণ্ডত হয়।  ১৯৯২ চনত টেষ্ট ক্ৰিকেটত অভিষেক ঘটোৱা ৱাৰ্ণে ৩০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈছে। ৭০৮ টা টেষ্ট উইকেটেৰে অনন্য কীৰ্তি অৰ্জন কৰা ক্ৰিকেটাৰ গৰাকীয়ে এদিনীয়াতো ২৯৩ টা উইকেট দখল কৰিছে। সদায় সপ্ৰতিভ ৱাৰ্ণৰ মৃত্যুৰ বাতৰি ক্রিকেট বিশ্বই এতিয়াও যেন মানি ল'ব পৰা নাই।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *