ঔষধ কোম্পানীটোৰ বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 4 March 2022

ঔষধ কোম্পানীটোৰ বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে






W7s news ষ্টাফৰিপোৰ্টাৰ: মেডিকেল আৰু ছেলচ্ ৰিপ্ৰেজেনটেটিভচৰ সংগঠন চি আৰ ইউ (উত্তৰ পূৰ্বাঞ্চল) এ গুৱাহাটীৰ ৰুক্মিণীগাঁৱত থকা এমিল ফাৰ্মা নামৰ ঔষধ কোম্পানীৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ঔষধ  কোম্পানীটোৰ বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। এই কাৰ্যসূচীৰ জৰিয়তে চি আৰ ইউ (উত্তৰ পূৰ্বাঞ্চল)সাধাৰণ সম্পাদক ৰাহুল পুৰকায়স্থই কয় ' এমিল ফাৰ্মা নামৰঔষধৰ অনলাইন বিক্ৰী, ঔষধৰ আসাধু ব্যবসায়, জি এছ টি ফাঁকি দিয়া ইত্যাদিকে ধৰি বিভিন্ন ধৰণৰ অনৈতিক আৰু অসাধু কাৰ্যকলাপ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে চলাই আহিছে। ফলত কোম্পানীটোত কাম কৰা ছেলচ্ প্ৰমোচন এম্লয়িজ সকল বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ সময়মতে মজুৰি প্ৰদান নকৰা আৰু বহু দিনৰ ভাট্টা বন্ধ কৰি ৰখা ইত্যাদি অনৈতিক আৰু অমানৱীয় কাৰ্য কৰি আহিছে।আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত কোম্পানীটোৱে অতি শীঘ্ৰে ইয়াৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ৰ বিষয়াৰ লগত চি আৰ ইউ ( উত্তৰ-পূৰ্বাঞ্চলৰ) ৰ এক যুটীয়া বৈঠক অনুষ্ঠিত কৰাৰ পোষকতা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here