হস্ততাঁত বিষয়া সন্থাৰ অধিবেশন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 March 2022

হস্ততাঁত বিষয়া সন্থাৰ অধিবেশন

 





W7s News ষ্টাফৰিপোৰ্টাৰ:  সদৌ অসম হস্ততাঁত আৰু বস্ত্ৰশিল্প বিষয়া সন্থাৰ সপ্তদশ বাৰ্ষিক অধিবেশন খন দিনযোৰা কাৰ্য্যসূচীৰে আমবাৰীৰ বস্ত্ৰ ভৱনত  শনিবাৰে অনুষ্ঠিত হয়। পুৱা ৯-৩০ বজাত সভাপতি  কুলেন চন্দ্ৰ ডেকাই পতাকা উত্তোলনেৰে অনুষ্ঠান আৰাম্ভ কৰাৰ পাছতে বিগত বৰ্ষ সমূহত অকালতে প্ৰাণ হেৰুৱা সন্থাৰ সদস্য সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি নিশি কান্ত শৰ্মাই l 

দিনৰ ১১-০০ বজাৰ পৰা অনুষ্ঠিত বিষয় বাচনি সভাত সম্পাদক  ঘনশ্যাম ডেকাই বাৰ্ষিক আৰু বিত্তীয় প্ৰতিবেদন পাঠ কৰাৰ পাছতে  সাংগঠনিক বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় l 

সভাত পৰবৰ্ত্তী কাৰ্য্যকালৰ বাবে ৰনজিত ডেকাক সভাপতি,  ঘনশ্যাম ডেকা আৰু ম. ৰিজাউল হকক উপসভাপতি নিশি কান্ত শৰ্মাক সম্পদক,  জয়ন্ত দেৱ শৰ্মা আৰু প্ৰতুল দাসক যুটীয়া সম্পাদক হিচাপে লৈ ২৭ জনীয়া কাৰ্য্যনিৰ্বাহক সমিতি এখন গঠন কৰে l 

বিয়লি ৩-০০ বজাত অনুষ্ঠিত মুকলি সভাত "অসমৰ অৰ্থনীতিত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ ভূমিকা " শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয় l আলোচনা চক্ৰ খন আনুষ্ঠানিক ভাবে মুকলি কৰে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক  গিৰেন সৰকাৰেl ৰনজিত ডেকাৰ সঞ্চালনাত অনুষ্ঠিত উক্ত আলোচনাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম টেক্সটাইল ইনষ্টিটিউটৰ প্ৰবক্তা  অনু দেৱী আৰু ভাৰত চৰকাৰৰ শিপিনী সেৱা কেন্দ্ৰৰ সহকাৰী সঞ্চালক  সৰ্বেস্বৰ দাসে l ভাষণ প্ৰসংগত দাসে বহু ৰাষ্ট্ৰীয় বণিক গোষ্ঠীয়ে বস্ত্ৰ  ব্যবসায়ত প্ৰবেশ কৰি অসমৰ পৰম্পৰাগত হস্ততাঁত শিল্পৰ স্বকীয়তা বিনষ্ট কৰিবলৈ ধৰা কাৰ্য্যক গৰিহণা দিয়ে আৰু এই ক্ষেত্ৰত সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায় l সভাত বিদায়ী সভাপতি  কুলেন চন্দ্ৰ ডেকাক আনুষ্ঠানিক ভাৱে বিদায় সম্ভাষণ জনোৱা হয় l সভাত ড০ জয়ন্ত দেৱ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায় l

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here