কলাক্ষেত্ৰত গতি অসমৰ শিশু নাট ৰজাৰ দেউল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 March 2022

কলাক্ষেত্ৰত গতি অসমৰ শিশু নাট ৰজাৰ দেউল

 


W7s news ষ্টাফৰিপোৰ্টাৰ: সামাজিক সাংস্কৃতিক অনুষ্ঠান গতি অসমৰ উদ্যোগত ১২ মাৰ্চৰ পৰা আৰম্ভ হোৱা শিশু নাট কৰ্মশালা কাইলৈ সামৰণি পৰিব। গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰৰ ২৭ গৰাকী শিশুৱে অংশগ্ৰহণ কৰা এই কৰ্মশালাৰ শিশুসকলৰ দ্বাৰা অভিনীত হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ ৰচিত ' ৰজাৰ দেউল ' নাটখনি ২৮ মাৰ্চত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব। বিশিষ্ট অভিনেত্ৰী পূৰ্ণিমা শইকীয়াৰ পৰিচালিত নাটখনিৰ সহযোগী পৰিচালক হিচাপে আছে তৃপ্তিকল্প হাজৰিকা আৰু ৰাজীৱ কুমাৰ সাউদ। নাটত সংগীত মনমিত- মনদীপ। নাট্য সন্ধ্যাৰ আৰম্ভণিতে অসমৰ তিনিগৰাকী বিশিষ্ট শিশু সাহিত্যিক যোৰহাটৰ পূৰ্ণিমা শৰ্মা,,ৰহাৰ মনোৰমা ভূঞা আৰু জাগীৰোডৰ অকণ দেৱীক শিশু সাহিত্য সন্মান প্ৰদান কৰা হ'ব।সন্ধিয়া ৫-৩০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া অনুষ্ঠানত আগ্ৰহীসকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে গতি অসমৰ সম্পাদক অমুভৱ পৰাশৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here