সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৰাজ্যিক মহিলা অভিবৰ্তন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 8 March 2022

সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৰাজ্যিক মহিলা অভিবৰ্তন

 


নাৰী সমাজৰ সুৰক্ষাৰ দাবীত ঐক্যবদ্ধ নাৰী আন্দোলনৰ আহবান



W7s News ষ্টাফৰিপোৰ্টাৰ : সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত ৰাজ্যিক মহিলা অভিবৰ্তন অনুষ্ঠিত হয়। মৈত্ৰেয়ী বাগছি, পৰী কুমাৰী বৰুৱা, শিখা দাস, গীতাঞ্জলি সোণোৱালৰ সঞ্চালনাত অনুষ্ঠিত অভিবৰ্তনত উদ্দেশ্য ব্যাখ্যা তথা প্ৰস্তাৱনা বক্তব্য প্ৰদান কৰে প্ৰগতিশীল নাৰী সন্থাৰ ৰাজ্যিক সম্পাদিকা মৃণালী দেৱীয়ে। অসমৰ বিভিন্ন জিলাৰ পৰা অহা পাচ শতাধিক মহিলাৰ অংশগ্ৰহণত অনুষ্ঠিত অভিবৰ্তনখনত সদৌ ভাৰত প্ৰগতিশীল নাৰী সন্থাৰ সাধাৰণ সম্পাদিকা মীনা তিৱাৰীয়ে মুখ্য বক্তা হিচাপে বক্তব্য প্ৰদান কৰে। আনহাতে অভিবৰ্তনত জোনাকী বাটৰ সম্পাদিকা, নাৰী সন্থাৰ নেত্ৰী জুনু বৰা,  চিপিআই (এম-এল)ৰ ৰাজ্যিক সদস্য তথা এ  আই চি চি টি ইউৰ ৰাজ্যিক সহকাৰী সম্পাদক পংকজ কুমাৰ দাস, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক জিতেন তাঁতী আদিয়ে বক্তব্য প্ৰদান কৰে । বক্তা সকলে বিজেপিৰ শাসনত সংঘটিত বদ্ধিত নাৰী নিৰ্যাতন বন্ধ কৰা, মজুৰী বৈষম্যৰ অৱসান, মহিলা সমাজৰ আৰ্থিক নিৰাপত্তা, হিন্দুত্ববাদী নিপীড়ন বন্ধ কৰা, সাম্প্ৰদায়িক আৰু অমানৱীয় উচ্ছেদ বন্ধ কৰা, ৰাজনৈতিক ব্যৱস্থা মহিলা সম অংশগ্ৰহণৰ নিশ্চয়তাৰ ওপৰত আলোকপাত কৰে। বক্তা সকলে নাৰীক সুৰক্ষা প্ৰদান আৰু আৰ্থিক নিৰাপত্তা প্ৰদানত ব্যৰ্থ বিজেপি চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ নাৰী আন্দোলন গঢ়ি তুলিবলৈ আহবান‌ জনায়। সভাই বদ্ধিত নাৰী নিৰ্যাতন বন্ধ কৰা, ৩৩ শতাংশ আসন সংৰক্ষণ, শ্ৰমজীৱি মহিলাক পুৰুষৰ সমহাৰত মজুৰি দিয়া,  ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক আগ্ৰাসন বন্ধ কৰা, যুদ্ধবাজ আমেৰিকা নেতৃত্বাধীন নাটো উচটনি বন্ধ কৰাৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত যুদ্ধবিৰোধী গীত মাত কবিতা আদি মহিলা সকলে পৰিবেশন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here