অমৃত চিমেণ্টৰ সহযোগত টাইম৮ৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 8 March 2022

অমৃত চিমেণ্টৰ সহযোগত টাইম৮ৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

 


বিভিন্ন ক্ষেত্ৰত ৮গৰাকী স্বনামধন্য ব্যক্তিক টাইম৮ নাৰী অমৃত সন্মান প্ৰদান



W7s News ষ্টাফৰিপোৰ্টাৰ :  আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি অমৃত চিমেণ্টৰ সহযোগত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ ৮ গৰাকী ব্যক্তিলৈ প্ৰদান কৰা হৈছে টাইম৮  নাৰী অমৃত সন্মান। ৰাজ্যখনৰ সামাজিক, বৌদ্ধিক, সাংস্কৃতিক, উদ্যমিতা, স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰখনত সেৱাৰ জৰিয়তে অনবদ্য অৱদান আগবঢ়াই অহা ব্যক্তিসকলক উদ্বুদ্ধ কৰাৰ বাবে এই মহান পদক্ষেপ গ্ৰহণ কৰিছে। ইতিপূৰ্বে অমৃত চিমেণ্টৰ সহযোগত আন বিভিন্ন ক্ষেত্ৰত বিশিষ্ট তথা মহান ব্যক্তিসকলক সন্মান জনাই অহাৰ লগতে উদ্বুদ্ধ কৰি আহিছে। 

এইবেলি নাৰী দিৱসৰ সৈতে ৰজিতা খুৱাই ৰাজ্যৰ উদ্যমিতা খণ্ডত  বিনীতা দত্ত চৌধুৰী, শিক্ষাখণ্ডত বিশিষ্ট শিক্ষাবিদ ড০ ডিম্পী মহন্ত, ক্ৰমাত বিলুপ্ত হ'ব ধৰা পক্ষী হাড়গিলা সুৰক্ষা আৰু প্ৰজননৰ ক্ষেত্ৰত কাম কৰি অহা হাড়গিলা আৰ্মীৰ ড০ পূৰ্ণিমা বৰ্মন, স্বাস্থ্যখণ্ডত ডাঃ বনানী চৌধুৰী, কলা-সংস্কৃতিৰ ক্ষেত্ৰখনত প্ৰবীন কণ্ঠশিল্পী  অনিমা চৌধুৰী,  মালবিকা বৰা, সমাজকৰ্মী  আনাহিতা বাগাৰিয়া,  অৰ্চনা বৰঠাকুৰক বিশেষ সন্মান প্ৰদান কৰা হয়।এইসকল দিগ্বজ তথা স্বনামধন্য ব্যক্তিয়ে নিজ নিজ ক্ষেত্ৰত প্ৰাত্যহিকতাৰ উপৰিও সমাজৰ শিক্ষা, নাৰী সৱলীকৰণ, দৰিদ্ৰ জনতাৰ উন্নতিকল্পে সমাজৰ উত্তৰণত অহোপুৰুষাৰ্থ কৰি প্ৰজ্ঞাৰ জেউতি বিলাই আহিছে। পূৰ্বে অমৃত চিমেণ্টে সমগ্ৰ ৰাজ্যত ২০ গৰাকীতকৈও অধিক স্বাধীনতা সংগ্ৰামীক চিনাক্ত কৰি সন্মান আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত মহানগৰীৰ এপল' গ্ৰেণ্ডত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰীযুত বিশ্বজিত দৈমাৰী, বিশিষ্ট সাংবাদিক-বুদ্ধিজীৱি শ্ৰীযুত হাইদৰ হুছেইন, বিশিষ্ট লেখক-চিন্তাবিদ শ্ৰীযুত ময়ূৰ বৰা, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য। অনুষ্ঠানটিৰ আঁত ধৰে ৰাজ্যৰ উদীয়মান অভিনেত্ৰী  অমৃতা গগৈয়ে। বিশেষ সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে নাজ চুলতানা আৰু তেওঁৰ সহযোগীবৃন্দই। পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আমন্ত্ৰিত অতিথিবৃন্দ, শিক্ষাৰ্থীৰ লগতে বিভিন্ন সামাজিক সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকে। অমৃত চিমেণ্টৰ মহান প্ৰচেষ্টাত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকি আপ্লুত হৈ পৰে প্ৰতিগৰাকী অতিথি তথা আমন্ত্ৰিত ব্যক্তিসকল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here