চাকৰিৰ আবেদন মাচুল উঠাই দিয়ক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 27 March 2022

চাকৰিৰ আবেদন মাচুল উঠাই দিয়ক

 


নিবনুৱাৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰা বন্ধ কৰকঃ ডি ৱাই এফ আই - এছ এফ আই


   W7s news ষ্টাফৰিপোৰ্টাৰ: অসম চৰকাৰে ২৬,৪৪১ টা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত নিযুক্তি দিম বুলি কৰা ঘোষণক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটি আদৰণি জনাইছে যদিও এই পদত আবেদন কৰাৰ নামত নিবনুৱা যুৱক-যুৱতীসকলৰ পৰা কোটি কোটি  টকা সংগ্ৰহ কৰিবলৈ লোৱা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰিছে আৰু সকলো আবেদন মাচুল উঠাই দিবলৈ দাবী জনাইছে। প্ৰায় দুবছৰ ধৰি চলি থকা ক'ৰ'নাৰ সন্ত্ৰাস আৰু অৰ্থনৈতিক সংকটৰ সময়ত ৰাজ্যৰ নিবনুৱা সকল ভীষণ ক্ষতিগ্ৰস্ত হৈছে। এনে অৱস্থাত চাকৰিৰ আবেদনৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰিবলৈ লোৱাটো এক ডাঙৰ অন্যায়। আন এটা উল্লেখনীয় দিশ হ'ল যোৱা সময়ছোৱাত গুৱাহাটী মহানগৰ উন্নয়ণ বিভাগৰ অধীনৰ জল বৰ্ড, এ পি এছ চি, পলিটেকনিক, বিদেশী ন্যায়াধিকৰণ, এম ভি আইকে আদি কৰি অসম চৰকাৰৰ বহু বিভাগত খালী পদত পৰীক্ষা পাতিও আজিলৈকে নিযুক্তি দিয়া নাই । এই পদসমূহৰ নিযুক্তিৰ বাবেও আবেদন মাচুলৰ নামত নিবনুৱা যুৱক-যুৱতীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছে। পূৰ্বৰ দৰে এইবাৰো নিবনুৱা সকলে যাতে আশাহত নহয় তাৰ প্ৰতি গুৰত্ব দিবলৈ ডি ৱাই এফ আই আৰু এছ এফ আইয়ে অসম চৰকাৰৰ ওচৰত দাবী জনাইছে। 

  ডি ৱাই এফ আই আৰু এছ এফ আইৰ স্পষ্ট অভিমত হ'ল চৰকাৰী চাকৰিৰ বাবে আবেদন মাচুল প্ৰত্যাহাৰ কৰি সম্পূৰ্ণ বিনামূলীয়াকৈ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো নিশ্চিত কৰক।নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছতাৰে আৰু দুৰ্নীতিমুক্তভাৱে সমাপন কৰাৰ বাবেও চৰকাৰে যথাযথ পদক্ষেপ গ্ৰহণ কৰক বুলি দাবী জনাইছে ডি ৱাই এফ আইৰ সম্পাদক নয়ন ভূঞা আৰু এছ এফ আই , অসম ৰাজ্যিক কমিটিৰ সম্পাদক নিৰংকুশ নাথে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here