চেভ ভৰলু অভিযানৰ তৰ্ক প্ৰতিযোগিতা সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 March 2022

চেভ ভৰলু অভিযানৰ তৰ্ক প্ৰতিযোগিতা সম্পন্ন

 

প্ৰথম ৰ'


য়েল গ্লোবেল ইউনিভাৰ্ছিটিৰ নীলাঞ্জনা

দ্বিতীয় নলবাৰী কলেজৰ ৰাজ, তৃতীয় কটন বিশ্ব বিদ্যালয়ৰ ছাত্র সুদৰ্শন




W7s news ষ্টাফৰিপোৰ্টাৰ:

নদীৰ প্ৰভাৱ সন্দৰ্ভত অবকলন , অনুকলন  বা অন্য অংক কৰি উলিয়াব নোৱাৰি। অনুভবী লোকে এয়া অনুভব কৰিবহে পাৰে। এই ভাষ্য বিশিষ্ট ভূগোল বিজ্ঞানী ড:অবনী কুমাৰ ভাগৱতীৰ। চেভ ভৰলু অভিযানৰ উদ্যোগত শনিবাৰে কটন কলেজৰ চুডমাৰ্চন হলত অনুষ্ঠিত কৰা ভৰলু বিষয়ক তৰ্ক প্ৰতিযোগিতাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি তেওঁ আৰু কয়-

 নদীৰ অপমৃত্যুই  প্ৰকৃতি প্ৰেমীকেই নহয় সচেতন সকলো লোকক মনত

দুখ দিছে। চেভ ভৰলু অভিযানে ভৰলু যদি বচাবও  নোৱাৰে

 আন অঞ্চলতো নদীক মৃত্যু মুখৰ পৰা বচোৱাত সফল হ'ব। নগৰৰ পৰা আঁতৰত থকালৈকে ভৰলু সুন্দৰ হৈ আছিল।  যি গুৱাহাটীৰ জনবসতি বাঢ়িল ভৰলুৰ মৃত্যু যন্ত্রণা আৰম্ভ হ'ল।পৰবৰ্তী সময়ত ভৰলু বেদখল কৰাৰ প্ৰতিযোগিতা চলিছে। আজি ভৰলু বচোৱাৰ বাবে একাংশ লোক আগবাঢ়ি আহিছে। এয়া আশাব্যঞ্জক খবৰ। কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক অৰূপ জ্যোতি চৌধুৰীৰ অধ্যক্ষতাত অুনষ্ঠিত  তৰ্ক প্ৰতিযোগিতাৰ মাধ্যম অসমীয়া আৰু ইংৰাজী। তৰ্ক প্ৰতিযোগিতাৰ বিষয়- সদনৰ মতে

  It is primarily the responsibility of the citizens to prevent the continuous degradation of River Bharalu and rejuvenate it to it’s past glory."

'বহু দশক জুৰি চলি অহা, ভৰলু নৈৰ অৱক্ষয় ৰোধ কৰি, ইয়াক  পুনৰুজ্জীৱিত কৰি তোলাৰ দায়িত্ব মূলতঃ মহানগৰবাসীৰ ।'ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্রীয়ে ভাগ লোৱা তৰ্ক প্ৰতিযোগিতাত ৰোয়েল গ্লোবেল ইউনিভাৰ্ছিটিৰ ছাত্রী নীলাঞ্জনা পৰাশৰে প্রথম, নলবাৰী মহাবিদ্যালয়ৰ ছাত্র ৰাজ দাসে দ্বিতীয় স্থান লাভ কৰে।তৃতীয় স্থান লাভ কৰে কটন বিশ্ব বিদ্যালয়ৰ ছাত্র সুদৰ্শন শৰ্মাই। চেভ ভৰলু অভিযানৰ সভাপতি ডা:ৰবীন্দ্ৰনাথ মজুমদাৰৰ আদৰণি ভাষনেৰে আৰম্ভ হোৱা অনুষ্ঠানত অভিযানৰ সম্পাদক অমিয় কুমাৰ ডেকাই উদ্দেশ্য বাখ্যা কৰে। উভয় পক্ষৰ সবল যুক্তি তৰ্ক সদন উত্তপ্ত কৰাৰ পাছত মৌখিক ভোটত চৰকাৰী পক্ষই অনা বিধেয়কখন প্ৰত্যাহাৰ কৰা হয়। শেষত বিজয়ী সকলক ক্ৰমে

 ৭ হাজাৰ, দ্বিতীয় ৬ হাজাৰ, ৫ হাজাৰ টকা, প্ৰমান পত্ৰ, শান্তনু বৰুৱাৰ ভৰলু বিষয়ক উপন্যাস প্ৰদান কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here