সৰ্বভাৰতীয় মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত অসমীয়া ৱিকিউৎসৰ দ্বিতীয় স্থান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 March 2022

সৰ্বভাৰতীয় মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত অসমীয়া ৱিকিউৎসৰ দ্বিতীয় স্থান

 


W7s News ষ্টাফৰিপোৰ্টাৰ:  সৰ্বভাৰতীয় পৰ্যায়ৰ ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত অসমীয়া ভাষাৰ ৱিকিউৎসই বাৰটা ভাষাৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ আনহাতে মুঠ এশগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত অসমীয়া ৱিকিউৎসৰ প্ৰাণজ্যোতি নাথে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰে৷  অসমীয়া ৱিকিউৎসৰ ১৮ গৰাকী সদস্যই এই প্ৰতিযোগিতাত মুঠ ৩৪ খন ন-পুৰণি অসমীয়া গ্ৰন্থৰ ডিজিটেলকৰণৰ কাম হাতত  লয় আৰু ২১ খন গ্ৰন্থৰ কাম মাত্ৰ পোন্ধৰ দিনতে সম্পূৰ্ণ কৰে৷ সদস্যসকলে মুঠ ২,২৪৫ টা পৃষ্ঠাৰ সংশোধন আৰু ২,০৪৫ টা বৈধকৰণ সম্পন্ন কৰে৷ এইসমূহ কিতাপৰ ভিতৰত নগাঁৱৰ লেখক কেশৱ বৰাৰ দুখনকৈ গ্ৰন্থ আৰু লেখিকা জোৱলা বৰাৰ শক্তিশালী আত্মজীৱনীখনকে ধৰি মুঠ চাৰিখন গ্ৰন্থ সন্নিৱিষ্ট হৈছে৷ পুৰণি অসমীয়া কপিৰাইট মুক্ত গ্ৰন্থৰ ভিতৰত বেণুধৰ ৰাজখোৱাৰ 'দৰবাৰ' (১৯০২), দুৰ্গেশ্বৰ শৰ্মাৰ 'বালীবধ' (১৯১২), দীননাথ বেজবৰুৱাৰ 'বেজবৰুৱা বংশাৱলী' (১৯২৬) আৰু ছেইক্সপিয়েৰৰ 'কমেডি অৱ এৰৰছ'ৰ অসমীয়া অনুবাদ 'ভ্ৰম-ৰংগ' (১৯৩৭) অন্যতম৷ চলিত বছৰৰ পহিলা মাৰ্চৰ পৰা ১৬ মাৰ্চলৈকে অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।  উল্লেখ্য, তিনিশৰো অধিক আপুৰুগীয়া অসমীয়া গ্ৰন্থ আৰু দুইসহস্ৰাধিক লেখাৰ এটা অনলাইন পুথিভঁৰাল হৈছে অসমীয়া ৱিকিউৎস৷ ২০১৩ চনৰ ৪ জানুৱাৰীত উপ-ডমেইন লাভ কৰা অসমীয়া ৱিকিউৎসত একাউণ্ট এটা খুলি যি-কোনো লোকেই ইয়াৰ সদস্য হ'ব পাৰে আৰু অসমীয়া ভাষাক বিশ্বমুখী কৰাত আগভাগ ল'ব পাৰে৷ অসমীয়া ৱিকিউৎসৰ ৱেবছাইট হৈছে-https://as.wikisource.org

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here