মিডিয়া ক্ৰিকেটত জয়েৰে অভিযান আৰম্ভ গুৱাহাটী প্ৰেছ ক্লাৱৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 7 March 2022

মিডিয়া ক্ৰিকেটত জয়েৰে অভিযান আৰম্ভ গুৱাহাটী প্ৰেছ ক্লাৱৰ

 




W7s news ষ্টাফৰিপোৰ্টাৰ: অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম আন্ত: মিডিয়া ক্ৰিকেট প্ৰতিযোগিতাত প্ৰত্যাশিতভাবে আৰম্ভণি কৰিলে গুৱাহাটী প্ৰেছ ক্লাৱে। প্ৰতিযোগিতাৰ প্ৰথমখন খেলত যোৱা বৰ্ষৰ চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাৱে ৬ উইকেটত পৰাস্ত কৰিলে মিডিয়া মেনেজমেণ্টক। টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰা সিদ্ধান্ত লৈ মিডিয়া মেনেজমেন্টে ১৯.১ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১১১ ৰান। মিডিয়া মেনেজমেণ্টৰ ৰাজ হুছেইনে ২৩, সুভাষ বছফৰে অপৰাজিত ১৬ আৰু জগজিৎ সিঙে আগবঢ়াই ১৩ ৰানৰ বৰঙণি। বলিঙত গুৱাহাটী প্ৰেছ ক্লাৱৰ হৈ তন্ময় দে'ই ৩টা, কিশোৰ তালুকদাৰ আৰু প্রণৱজ্যোতি দাসে লয় ২টা উইকেট। প্ৰত্যুত্তৰত গুৱাহাটী প্ৰেছ ক্লাৱে ১৯.৩ অভাৰতে লক্ষ্য অতিক্ৰম কৰি সংগ্ৰহ কৰে ৪ উইকেটৰ বিনিময়ত ১১৫ ৰান। বেটিঙত গুৱাহাটী প্ৰেছ ক্লাৱৰ মৃগাংক শৰ্মাই ২৯, আবুদ্দিন খানে ২৭ আৰু নয়ন প্রতিম কুমাৰে আগবঢ়াই ১৬ ৰানৰ অৱদান। বলিঙত মিডিয়া মেনেজমেণ্টৰ হৈ ৰাজ হুছেইনে লয় ২টা উইকেট। মেচৰ শ্ৰেষ্ঠ হিচাপে বিবেচিত হয় গুৱাহাটী প্ৰেছ ক্লাৱৰ আবুদ্দিন খান। ইফালে খেলৰ পূৰ্বে আৰম্ভ হোৱা প্ৰতিযোগিতাৰ শোভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন ৰঞ্জী খেলুৱৈ বিমল ভৰালী, পৰাগ দাস আৰু সৰ্ব ভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেচনৰ কোষাধক্ষ বিদ্যুৎ কলিতা আদি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here